বনভোজৰ বতৰ-ইষ্ট কামেংৰ নুমলীয়া জী চিজুছাত দৈনিক শতাধিক বনভোজকাৰীৰ দল উপস্থিত

এতিয়া বনভোজৰ বতৰ।পুৰণি বৰ্ষটিক বিদায় অথবা নতুন বৰ্ষটিক স্বাগতম জনোৱাৰ উদ্দেশ্যে ৰাজ্যৰ বিভিন্ন স্থানৰ বনভোজস্থলীত বনভোজকাৰীৰ দলে ভিৰ কৰিছে।ব্যতিক্ৰম হোৱা নাই বিশ্বনাথৰ ইটাখোলাৰ নিকটৱৰ্ত্তী তথা অসম অৰুণাচল সীমান্তৰ প্ৰকৃতিৰ ৰম্যভূমি চিজুছাও।শীতৰ আমেজভৰা পৰিবেশত প্ৰকৃতিৰ কোলাত লগেভাগে এসাজ আনন্দ মনৰে খোৱাৰ বাবে চিজুছাত এতিয়া দৈনিক উপস্থিত হৈছে শ শ বনভোজকাৰীৰ দল।ওখ চাপৰ ঘন ঘন চিৰসেউজীয়া বনাঞ্চলৰ অৰূপ সৌন্দৰ্য্য প্ৰাণ কৰি বৰদিকৰাই নদীৰ পাৰত এতিয়া ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা অহা বনভোজৰ দলে নাচিবাগি আনন্দ মনৰে এসাজ তৃপ্তিৰে খোৱা পৰিলক্ষিত হৈছে।এইদৰেই এতিয়া শীতৰ বতৰত ইষ্ট কামেংৰ ‘নুমলীয়া জীয়ৰী’ খ্যাত প্ৰকৃতিৰ এই ৰম্যভূমি চিজুছাত বনভোজ দলৰ উপস্থিতিত উখল মাখল হৈ পৰা পৰিলক্ষিত হৈছে।উল্লেখ্য যে ইটাখোলা ব্যৱসায়িক কেন্দ্ৰস্থল ৰপৰা ১৬কিলোমিটাৰ নাতিদুৰত্বত অৱস্থিত চিজুছাত শীতৰ বতৰত দেখা দিয়া হাজাৰ হাজাৰ ৰংবিৰঙৰ পখী আৰু পখিলাৰ বিচৰণে অন্যতম আকৰ্ষণ কেন্দ্ৰবিন্দু হিচাপে বিবেচিত হৈছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই..

Comments (0)
Add Comment