বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী

দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ গুৱাহাটীৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকালয়ৰ উদ্যোগত ১২ আগষ্টৰ দিনা বিয়লি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ এলেকাত এক বিশাল বাইক ৰেলী আৰু ৱাকাথন উলিওৱা হয়। উল্লেখ্য যে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ নির্দেশনা অনুসৰি ৯ আগষ্টৰ পৰা ১৭ আগষ্টলৈ ৯দিনীয়া ধাৰাবাহিক কাৰ্যসূচীৰে স্বাধীনতা দিৱস উদযাপনৰ অংশ হিচাপে ৱাকাথন আৰু বাইক ৰেলীৰ আয়োজন কৰা হয়। আনহাতে ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈৰ নেতৃত্বত নৱনিৰ্মিত বিমানবন্দৰৰ পৰা আৰম্ভ হোৱা বাইক ৰেলী ছয়লেনযুক্ত এছ অ এছ পথৰে আহি ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকালয়ৰ কাৰ্যালয়ত সামৰণি পৰে। ৰেলীটোত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকালয়ৰ লগতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত কৰ্মৰত প্ৰাধিকৰণৰ বিষয়া – কৰ্মচাৰীসকলে অতি উৎসাহেৰে অংশগ্ৰহণ কৰে। ৰেলীৰ পাছত ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক মনোজ কুমাৰ শৰ্মা বৰদলৈৰ নেতৃত্বত বিমানবন্দৰ চৌহদত এক ৱাকাথন উলিওৱা হয়। ৱাকাথনত ভাগ লোৱা সকলোৱে হাতে হাতে ত্ৰিৰংগা পতাকা লৈ বন্দে মাতৰম ধ্বনি দি আকাশ বতাহ মুখৰিত কৰি তোলে। ইয়াৰ উপৰিও অংশগ্রহণকাৰীসকলে দেশপ্রেমমূলক গীতৰ তালে তালে বৰঝাৰ বিমানবন্দৰৰ পুৰণি টাৰ্মিনেল চৌহদ পৰিভ্ৰমণ কৰে আৰু প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালকালয়ত স্থাপন কৰা ছেলফি পইণ্টত বহুতে ত্ৰিৰংগাৰ সৈতে একো একোটা ছেলফি ফটো উঠা পৰিলক্ষিত হয়। উল্লেখ্য যে ৱাকাথন আৰু বাইক ৰেলীত এয়াৰপাৰ্ট অথৰিটী এম্পলইজ ইউনিয়ন ( এ এ ই ইউ) ৰ উত্তৰ পূব মণ্ডল কমিটিৰ সভাপতি বিজিত দাস, সাধাৰণ সম্পাদক পবিত্ৰ দাসকে ধৰি কেবাজনো কৰ্মকৰ্তাই ভাগ লয়।

Comments (0)
Add Comment