বালিপাৰালৈ গৌৰৱ কঢ়িয়ালে মুকুটে

শোণিতপুৰৰ বালিপৰাত সমীপৱৰ্তী আদাবাৰী খেলমাটি নিবাসী মুকুট বড়োৱে বিশ্বনাথ চাৰিআলিত অনুষ্ঠিত ৪৯তম অসম ৰাজ্যিক ইন্টাৰ ডিষ্ট্ৰিক ওৱেটলিফ্টিং প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰি অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় ।উল্লেখ যে বড়োৱে ইতিমধ্যে তেজপুৰত অনুষ্ঠিত এই প্ৰতিযোগিতাত গল্ডৰ পদক লাভ কৰিবলৈ সক্ষম হোৱাৰ লগতে ইয়াৰ পূৰ্বে কেইবাখনো ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি বটা লাভ কৰিবলৈ সক্ষম হয় বুলি জানিবলৈ দিয়ে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই..

Comments (0)
Add Comment