বালিপৰাত নাৰী নিৰ্যাতন বন্ধ কৰাৰ দাবীত সজাগতামূলক ৰেলী

শোণিতপুৰত বালিপৰাত আজি বালিপৰা সংহত শিশু বিকাশ প্ৰকল্পৰ উদ্যোগত দেশত চলি থকা নাৰী নিৰ্যাতনকে আদি কৰি নাৰীজনিত সমস্যাসমূহৰ অৱসানৰ দাবী জনাই এক সজাগতামূলক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। প্ৰকল্পটোৰ বালিপৰা কাৰ্যালয়ৰপৰা কাৰ্যালয়ৰ বিষয়া -কৰ্মচাৰী, অংগনবাড়ী কৰ্মীসকলে অনুষ্ঠানত হাতে-হাতে বেনাৰ, ফেষ্টুন, পোষ্টাৰ লৈ বালিপৰা চেন্টাৰত পৰিভ্ৰমণ কৰি নাৰী নিৰ্যাতন বন্ধ কৰক, কন্যা শিশুক সুৰক্ষা দিয়ক, নাৰী নিৰ্যাতনকাৰীক শাস্তি দিয়ক, যৌতুক প্ৰথা বন্ধ কৰক, নাৰীৰো আছে জীয়াই থকাৰ অধিকাৰ, নাৰীৰ সুৰক্ষা আমাৰ ন্যায্য দাবী, নাৰীক সৱলীকৰণ কৰক, সকলো নাৰীক সমানে সুৰক্ষা প্ৰদান কৰক আদি বিভিন্ন শ্লোগান দি নাৰীৰ সুৰক্ষাৰ বাবে চৰকাৰক আহ্বান জনায়।

Comments (0)
Add Comment