বালিপৰাত বিউটী পাৰ্লাৰ আৰু ট্ৰেইলৰিঙৰ ব্যৱসায়ৰে স্বাৱলম্বী হৈছে এই গৰাকী মহিলা

শোণিতপুৰৰ বালিপৰাত এগৰাকী মহিলাই বিউটী পাৰ্লাৰ আৰু ট্ৰেইলৰিঙৰ ব্যৱসায়ৰে স্বাৱলম্বী হৈছে ।বালিপৰা কেন্দ্ৰস্থলৰ গাঁৱৰ ববী দাসে ২০০৩ চনতে তেজপুৰত প্ৰশিক্ষণ লৈ বালিপৰা -চাৰিদুৱাৰ পথত এখন বিউটী পাৰ্লাৰ খুলি নিজে উপাৰ্জন কৰাৰ লগতে আন কেইগৰাকীমান যুৱতীক কৰ্মসংস্থাপন দিছে।উল্লেখ যে বৰ্তমানলৈকে ববীয়ে বালিপৰা , চাৰিদুৱাৰ ,লোকৰা ,চেঙেলীমাৰী আদি অঞ্চলৰ ৩০ গৰাকী যুৱতীক প্ৰশিক্ষণ দিছে ।আনহাতে নিজৰ বায়েকৰ পৰা ট্ৰেইলৰিঙৰ কাম শিকি কম দামত মহিলা তথা যুৱতী সকলৰ পোছাক চিলাই দি সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে ।এই উপাৰ্জনৰ পৰাই নিজৰ পৰিয়াল চলাই নিয়াৰ লগতে ল`ৰা-ছোৱালীকো পঢ়াই শুনাই শিক্ষিত কৰি তুলিবলৈ সক্ষম হৈছে।
বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Comments (0)
Add Comment