বালিপৰাত বিশ্ব স্বাস্থ্য দিৱস পালন

সমগ্ৰ বিশ্বৰ সমান্তৰালভাৱে আজি শোণিতপুৰৰ বালিপৰাতো বিশ্ব স্বাস্থ্য দিৱস পালন কৰা হয় । এই উপলক্ষ্যে বালিপৰাৰ হাড়চূড়া চাহ বাগিছাৰ গুডৰি’ক গ্ৰুপ লিমিটেডৰ উদ্যোগত কোম্পানীটোৰ সমাজ জড়িতকৰণৰ আঁচনিৰ অধীনত বালিপৰা শিক্ষাখণ্ডৰ খেলমাটি আদাবাৰী মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত কৰা হয় এক স্বাস্থ্য সজাগতা আৰু বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ । অনুষ্ঠানটোত চিকিৎসকসকলে অঞ্চলটোৰ ভালেমান ৰাইজৰ লগতে অনুষ্ঠান অনুষ্ঠিত বিদ্যালয়খনৰ সমূহ শিক্ষাগুৰুকো বিনামূলীয়াকৈ ৰক্ত চাপ আৰু ব্লাড চুগাৰৰ পৰীক্ষা কৰে । অনুষ্ঠানত জ্যেষ্ঠ চিকিৎসা বিষয়া ডাঃ ডি ডি গোস্বামী, স্বাস্থ্য কল্যাণ বিষয়া ত্ৰিদিপ শইকীয়াৰ লগতে নাৰ্চ আৰু হাড়চূড়া চাহ বাগিছাৰ অন্যান্য চিকিৎসা সেৱা কৰ্মীসকল উপস্থিত থাকে ।

Comments (0)
Add Comment