বিশ্বকৰ্মা মন্দিৰৰ অতীত

সমগ্ৰ দেশতে আজি বিশ্বকৰ্মা পূজা উলহ মালহেৰে উদযাপিত হৈছে। বিশেষকৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে ব্যক্তিগতভাৱে বিশ্বকৰ্মা পূজা উদযাপন কৰিছে।আজি আমি উপস্থিত হৈছিলো উত্তৰ পূবৰ প্ৰথমটো বিশ্বকৰ্মাৰ মন্দিৰত। উল্লেখযোগ্য যে এই মন্দিৰটো গুৱাহাটীৰ কামাখ্যাত অৱস্থিত।।মন্দিৰত উপস্থিত হৈ পুৰোহিতৰ পৰা জানিব বিচাৰিছিলো পঞ্চদশ শতিকাৰ পৰা পূজা অৰ্চনা হৈ অহা মন্দিৰটোৰ বিষয়ে।এই সম্পৰ্কত পুৰোহিতে এনেদৰে কয়- ১৯৬৫ চনতে আমাৰ আজো ককা ভৱকান্ত শৰ্মা বৰপূজাৰীয়ে বিশ্বকৰ্মা মন্দিৰৰ বাবে মাটি দান কৰিছিল আৰু তাৰ পৰৱৰ্তী সময়ত মহাবীৰ প্ৰসাদ ধিৰাচৰিয়া আৰু ভৱকান্ত শৰ্মা বৰপূজাৰী দুয়ো মিলি মন্দিৰটো নিৰ্মাণ কৰে। তাৰ পিছৰে পৰা ক্ৰমে ভৱকান্ত শৰ্মাৰ পুত্ৰ পদ্মকান্ত শৰ্মা,জয়কান্ত শৰ্মাই বংশানুক্ৰমে মন্দিৰটো পৰিচালনা কৰি আহিছে।প্ৰতিবছৰে ১৭ছেপ্টেম্বৰৰ দিনা পূজাভাগ অনুষ্ঠিত হৈ আহিছে। আজিও ঠিক অনুৰূপ দৃশ্য পৰিলক্ষিত হ’ল বিশ্বকৰ্মা মন্দিৰত। ভক্তৰ লানি নিচিগা শাৰী অৰ্চনাই চৌদিশ মুখৰিত হৈ উঠিল।

Comments (0)
Add Comment