বিশ্ব পৰিবেশ দিৱস উদযাপন


নৱজাগৰণ সামাজিক কল্যাণকামী সংস্থাৰ উদ্যোগত তথা বেচৰকাৰী সংস্থা বৃক্ষৰ সহযোগত আজি কামৰূপ গ্রাম্য জিলাৰ ভিতৰখোলা নামৰ গাৱত দিনযোৰা কাৰ্যসূচীৰে বিশ্ব পৰিৱেশ দিৱস উদযাপন হয়। এই উদ্দেশ্যে ভিতৰখোলা গাঁৱৰ ৰূপজ্যোতি সংঘৰ চৌহদত গছপুলি ৰোপণ কাৰ্যসূচী লোৱা হয়। অনুষ্ঠানৰ পতকা উত্তোলন কৰে নৱজাগৰণ কল্যাণকামী সংস্থাৰ সভাপতি গৌতম কুমাৰে। এই অনুস্থানত শ্বহীদবেদীত মাল্যৰ্পণ কৰাৰ পিছত গছপুলি ৰোপণ কাৰ্যসূচী পালন কৰা হয়।গছপুলি ৰোপণ কৰে ভিতৰখোলা গাঁৱৰ গাওঁবুঢ়া ফুকন কুমাৰ, ভাৰতীয় বায়ু সেনাৰ অৱসৰ প্ৰাপ্ত বিষয়া লংকেশ্বৰ কুমাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক বিপিন চন্দ্ৰ কুমাৰ, জগত চন্দ্ৰ নাথ আৰু অন্যান্য বিশিষ্ট ব্যক্তি সকলে। অনুষ্ঠানৰ লগত সংগতি ৰাখি ভেশচন, কুইজ, আকস্মিক বক্তৃতা, চিত্ৰাংকন প্ৰতিযোগিতা তথা বিভিন্ন সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত  হয়।অনুষ্ঠানত নৱজাগৰণ সামাজিক কল্যাণকামী সংস্থাৰ সম্পাদক কিশোৰ কুমাৰ, অদীপ কুমাৰ, আৰু বৃক্ষৰ প্ৰতিনিধি সকল উপস্থিত থাকে।

Comments (0)
Add Comment