লক ডাউনৰ পূৰ্বে আশ্ৰয় স্থল বিচাৰি পালে মহানগৰীৰ পদপথত থকা অঘৰী সকলে ৷ যি সময়ত ক’ৰণা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বতে আতংকই গ্ৰাস কৰিছে সেই সময়ত মৃত্যুৰ ভয়ত শংকিত নহয় এই সকল লোক ৷
প্ৰশাসনে ২৪ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ৩১ মাৰ্চ পৰ্যন্ত স্বগৃহত প্ৰতিজন লোকক থকাৰ নিষেধাজ্ঞা জাৰি কৰিছিল যদিও লোক সকলৰ নাই কোনো আশ্ৰয় স্থল ৷
পূৰ্বৰে পৰা মহানগৰীৰ পদপথত মুকলি ভাৱে জীৱন যাপন কৰিছিল এই সকল লোকে ৷ অৱশেষত প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত আজি গৃহহীন লোক সকলক নতুন আশ্ৰয় স্থলীলৈ লৈ যোৱা হয়৷
উল্লেখযোগ্য যে সমাজ কল্যাণ বিভাগৰ সহযোগত ৫ টা বেচৰকাৰী সংস্থাই এই লোক সকলৰ দায়িত্ব বহন কৰিছে ৷ মহানগৰীৰ ভৰলু মুখ,শুক্ৰেশ্বৰ মন্দিৰৰ লগতে মহানগৰীৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ২০০ৰো অধিক আশ্ৰয়হীন লোক ৫ টাকৈ বেচৰকাৰী সংস্থাই প্ৰশাসনৰ সহযোগত নতুন আশ্ৰয় স্থললৈ লৈ যায় ৷ তেওঁ লোকৰ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অনিৰ্দিষ্ট কাললৈ দায়িত্ব বহন কৰাৰ কথা জানিব পৰা গৈছে ৷