বেচৰকাৰী সংগঠন আৰু প্ৰশাসনৰ আদৰণীয় পদক্ষেপ- আশ্ৰয় গৃহলৈ স্থানান্তৰ কৰিলে পদপথৰ অঘৰীক

0 368

লক ডাউনৰ পূৰ্বে আশ্ৰয় স্থল বিচাৰি পালে মহানগৰীৰ পদপথত থকা অঘৰী সকলে ৷ যি সময়ত ক’ৰণা ভাইৰাছৰ  বাবে সমগ্ৰ বিশ্বতে আতংকই গ্ৰাস কৰিছে সেই সময়ত মৃত্যুৰ ভয়ত শংকিত নহয় এই সকল লোক ৷
 
প্ৰশাসনে ২৪ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ৩১ মাৰ্চ পৰ্যন্ত স্বগৃহত প্ৰতিজন লোকক থকাৰ নিষেধাজ্ঞা জাৰি কৰিছিল যদিও লোক সকলৰ  নাই কোনো আশ্ৰয় স্থল ৷
 
 
পূৰ্বৰে পৰা মহানগৰীৰ পদপথত মুকলি ভাৱে জীৱন যাপন কৰিছিল এই সকল লোকে ৷ অৱশেষত প্ৰশাসন আৰু সমাজ কল্যাণ বিভাগৰ সহযোগত আজি  গৃহহীন লোক সকলক নতুন আশ্ৰয় স্থলীলৈ লৈ যোৱা হয়৷
 
উল্লেখযোগ্য যে  সমাজ কল্যাণ বিভাগৰ সহযোগত ৫ টা বেচৰকাৰী সংস্থাই এই লোক সকলৰ দায়িত্ব বহন কৰিছে ৷ মহানগৰীৰ ভৰলু মুখ,শুক্ৰেশ্বৰ মন্দিৰৰ লগতে মহানগৰীৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ২০০ৰো অধিক আশ্ৰয়হীন লোক ৫ টাকৈ বেচৰকাৰী সংস্থাই প্ৰশাসনৰ সহযোগত নতুন আশ্ৰয় স্থললৈ লৈ যায় ৷ তেওঁ লোকৰ সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে অনিৰ্দিষ্ট কাললৈ দায়িত্ব বহন কৰাৰ কথা জানিব পৰা গৈছে ৷

Leave A Reply

Your email address will not be published.