বেটেৰে বাহন তৈয়াৰ কৰি চর্চালৈ আহিছে,কিন্তু ক`ত

এজন ব্যক্তিয়ে বেটেৰে এখন বাহন তৈয়াৰ কৰি চৰ্চালৈ আহিছে।ব্যক্তি জনৰ নাম তিলক চেতিয়া।ব্যক্তি জনে সম্পূৰ্ণ বেটেৰে বুলেট আকৃতি এখন মটৰ চাইকেল সাজি উলিয়াইছে। নামৰূপৰ তাপবিদ্যুৎ জলপ্ৰকল্পৰ সমীপত বাস কৰা তিলক চেতিয়াই নিজৰ প্ৰতিভাৰ জৰিয়তে এই বাহনখন সাজি উলিয়াইছে।উল্লেখযোগ্য যে যোৱা ২০ বছৰ ধৰি ব্যক্তিজনে বাঁহ-বেটেৰে চকী টেবুল বিচনাকে আদি কৰি বিভিন্ন ধৰণৰ সা-সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে। বিহুৰ সময়তো যুৰিয়া ম`হৰ শিঙৰ পেঁপা নিৰ্মাণ কৰি অজস্ৰ জনৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছিল।

Comments (0)
Add Comment