বোকাখাতত ব্যতিক্ৰমী ৰূপত শ্ৰমিক দিৱস পালন- ১০ জন বিশেষ ব্যক্তিক সম্বৰ্ধনাঃ শ্ৰমিকক লৈ লিখা গ্ৰন্থ উন্মোচন

আজি বিশ্ব শ্ৰমিক দিৱস ৷ বিশ্ব শ্ৰমিক দিৱসৰ দিনা বোকাখাতৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰশংসনীয় আৰু ব্যতিক্ৰমি পদক্ষেপ ৷ বিশ্ব শ্ৰমিক দিৱসৰ দিনা বোকাখাতৰ ৰজাবাৰী প্ৰাথমিক বিদ্যালয় কতৃপক্ষই সমাজৰ বাবে অপৰিহাৰ্য ১০ গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনায় ৷ আজি দেওবাৰ লগতে বিশ্ব শ্ৰমিক দিৱস ৷ ৰাজ্যৰ সকলোবিলাক বিদ্যালয় বন্ধ ৷ কিন্তু গোলাঘাট পশ্চিম শিক্ষা খণ্ড বোকাখাতৰ অন্তৰ্গত ৰজাবাৰী প্ৰাথমিক বিদ্যালয়ে বিশ্ব শ্ৰমিক দিৱসৰ দিনা বিদ্যালয় প্ৰাঙ্গণত দৈনিক পৰিশ্ৰম কৰা ঠেলাৱালা, ৰিক্সাৱালা, ধুবি, নাপিত, কমাৰ, কুমাৰৰ কাম কৰা ১০ গৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনায় ৷ আনহাতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক নবীন চন্দ্ৰ দাসে শ্ৰমিকসকলৰ জীৱনক লৈ লেখা “জীৱন শিল্পৰ খনিকৰ” নামৰ গ্ৰন্থখন অৱসৰী প্ৰধান শিক্ষক বুবুল দত্তই উন্মোচন কৰে ৷ ইয়াৰ পূৰ্বে বন্তি প্ৰজ্বলনেৰে সভাখনি শুভাৰম্ভণি কৰে মহকুমাধিপতি ডাঃ নেহা যাদৱে ৷ বিদ্যালয়খনৰ এনে ব্যতিক্ৰমি পদক্ষেপক সকলোৱে শলাগ লয় ৷ অনুষ্ঠানত বোকাখাতৰ মহকুমাধিপতি ডাঃ নেহা যাদৱ, প্ৰাথমিক খণ্ড শিক্ষা বিষয়া ৰুদ্ৰ শইকীয়া, বিশিষ্ট সাংবাদিক দিব্যজ্যোতি হাজৰিকা, ভৱানন্দ কলিতা, বুবুল দত্ত, বিশিষ্ট লেখিকা নিজৰা বৰঠাকুৰৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

বাতৰি যুগুতালে বোকাখাতৰ পৰা দিব্যজ্যোতি হাজৰিকাই ৷

Comments (0)
Add Comment