ব্যতিক্ৰমী আয়োজনেৰে সদ্য অৱসৰপ্ৰাপ্ত সেনা জোৱানক আদৰিলে জন্মস্থানত

এক ব্যতিক্ৰমী পদক্ষেপ, ব্যতিক্ৰমী আয়োজন। সাধাৰনতে এয়া মন্ত্রী বা বিধায়কক আদৰণি জনোৱা নাই। এয়া এজন সদ্য অৱসৰ প্ৰাপ্ত সেনা জোৱান। সুদীৰ্ঘ ২৬ বছৰ ভাৰত মাতৃৰ সেৱাত নিজকে নিয়োজিত কৰি কৰ্মৰ পৰা অৱসৰ লৈ জন্মস্থানলৈ ঘূৰি আহিছে সেনা জোৱান ধৰণি বৰা। সেই লৈ জন্মস্থান নগাঁৱৰ নিকটৱৰ্তী বোৱালগুৰিত আনন্দৰ সীমা নাই। নিজ ঘৰখনৰ লগতে গাঁওখনৰ সকলো ৰাইজে তেওঁক ঢোলে দগৰে, বেন পাৰ্টিৰে, ফুলাম গামোছা, জাপি আদিৰে উষ্ম আদৰনি জনায়। বৰ্তমান ৭০ৰ উৰ্দ্ধৰ মাতৃ, পত্নী শিখা বৰা, দুজন পুত্রৰ লগতে গাঁৱৰ সকলো ৰাইজক একে লগে লগ পাই ধৰণি বৰাই পৰবৰ্তী সময়ত গাঁৱৰ তথা অঞ্চলৰ লগতে অসম মাতৃৰ উন্নয়নৰ ক্ষেত্রত সামাজিক কামত আত্মনিয়োগ কৰাৰ কথা ব্যক্ত কৰে।

বাতৰি যুগুতালে নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে।

Comments (0)
Add Comment