ব্যতিক্ৰম ধৰণে দূৰ্গা প্ৰতিমা প্ৰস্তুত কৰিছে ধুবুৰীৰ এজন শিল্পীয়ে

ব্যতিক্ৰমী ধৰণে দূর্গা প্ৰতিমা নিৰ্মাণ কৰি চর্চালৈ আহিছে ধুবুৰী এজন ব্যক্তি।ব্যক্তিজনৰ নাম সঞ্জীৱ বসাক ।তেওঁ দূর্গা প্ৰতিমাক ব্যতিক্ৰমী ৰূপে প্ৰস্তুত কৰিছে।
 
 
পেছাত চৰকাৰী চাকৰিয়াল এই শিল্পী জনে দূর্গা প্ৰতিমা এইবাৰ নিৰ্মাণ কৰিছে ম্যাদ উকলা ঔষধৰে। উল্লেখযোগ্য যে প্ৰতিমাখনতকেইবাহাজাৰো টেবলেট, কেপচুল, ইনজেকচনে নিৰ্মাণ কৰি উলিয়াইছে।প্ৰায় দুমাহ জোৰা প্ৰস্তুতিৰ অন্তত প্ৰতিমাখন প্ৰস্তুত কৰি উলিয়াই। উল্লেখযোগ্য যে ইতিপূৰ্বে সঞ্জীৱ বসাকে জুইচলা কাঠিৰে প্ৰতিমা নিৰ্মাণ কৰিছিল।জানিব পৰা মতে এই প্ৰতিমাই ধুবুৰী কোনো পূজা মণ্ডপত স্থান লাভ কৰিব।

Comments (0)
Add Comment