বৰদলনি শিক্ষা খণ্ডৰ পৰিচালনা সমিতি আৰু সমল ব্যক্তি প্রশিক্ষণ সম্পন্ন

লখিমপুৰ জিলাৰ ঢকুৱাখনা মহকুমাৰ বৰদলনি (ঘিলামৰা) শিক্ষা খণ্ডৰ উদ্যোগত বিদ্যালয় পৰিচালনা সমিতি ,মণ্ডল সমল কেন্দ্ৰ পৰ্যায়ৰ  সমল ব্যক্তি প্ৰশিক্ষণ  কাৰ্যসূচী আজি সম্পন্ন হয়। ঘিলামৰা বালিকা মজলীয়া বিদ্যালয়ত মঙ্গলবাৰৰ পৰা অনুষ্ঠিত হোৱা দুদিনীয়া প্ৰশিক্ষণ সূচী  বুধবাৰে সফলতাৰে  সামৰণি পৰে । ঘিলামৰাৰ বৰদলনি শিক্ষা খণ্ডৰ মুঠ ২৫ টা মণ্ডল সমল কেন্দ্ৰৰ (CRC) ৫০ গৰাকী প্রশিক্ষাৰ্থী প্ৰশিক্ষণ গ্ৰহণ কৰা এই  অনুষ্ঠানটোত বিদ্যালয় পৰিচালনা সমিতিৰ দায়িত্ব আৰু কৰ্তব্য , বিদ্যালয় উন্নয়ন পৰিকল্পনা আৰু বিদ্যালয় পৰিচালনা সমিতিৰ কৰণীয়তা, সাম্প্ৰতিক সময়ত কভিড-১৯ আৰু অৱশ্যে পালনীয় স্বাস্থ্য সম্পৰ্কীয় নীতি, বৈদ্যুতিক মাধ্যমেৰে শিক্ষাদান  ব্যৱস্থা , নতুন ৰাষ্ট্ৰীয় শিক্ষা  নীতি-২০২০, নিপুণ অসম, প্ৰধান মন্ত্ৰী পোষণ শক্তি নিৰ্মান আঁচনি , পঞ্চায়ত ব্যৱস্থাৰ যোগেদি বিদ্যালয়ৰ উন্নয়ন  আদিৰ সন্দৰ্ভত বিস্তৃত ভাবে প্ৰশিক্ষণ প্ৰদান কৰা হয়। এই দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰশিক্ষক হিচাপে   চি আৰ চি চি দুলাল দিহিঙ্গীয়া ,লক্ষীনন্দন বৰা  আদিয়ে  নিখুঁত আৰু প্ৰণালীবদ্ধ প্ৰশিক্ষণ প্ৰদান কৰে ।   লখিমপুৰ  ডায়েটৰ  প্ৰবক্তা ইন্দ্ৰজিৎ গাম এই দুদিনীয়া  মনোজ্ঞ প্ৰশিক্ষণ কাৰ্যসূচীত পৰ্যবেশক হিচাপে উপস্থিত থাকে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment