বৰহেৰামদো সত্ৰত অসম দৰ্শন আচনিৰ আধাৰশিলা স্থাপন

দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ স্থাপন কৰা বৰহেৰামদো সত্ৰত ৰাজ্য চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মীয়মান হ’বলগা অতিথিশালা গৃহৰ আজি আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা হয়। সত্ৰ পৰিচালনা সমিতিৰ সভাপতি চন্দ্ৰ বৰুৱাই আধাৰশিলা স্থাপন কৰা অনুষ্ঠানটোৰ আঁতধৰে সম্পাদক মুকুল মহন্তই। উক্ত অনুষ্ঠানত সত্ৰখনৰ সত্ৰাধিকাৰদ্বয়ৰ লগতে পৰিচালনা সমিতিৰ প্ৰাক্তন তথা বৰ্তমানৰ বিষয়ববীয়াৰ উপৰিও ৰাইজ, আইসকল উপস্থিত থাকে। উল্লেখযোগ্য যে, ১৫৬৩ চনত মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই ঐতিহ্যমণ্ডিত বৰহেৰামদো সত্ৰখন স্থাপন কৰি ছমাহ কাল আছিল।

Comments (0)
Add Comment