ভাল খবৰৰ মাজেৰে

আজি ২৬ জানুৱাৰী,৬৮ সংখ্যক গণতন্ত্ৰ দিৱস। আজি এই বিশেষ দিনটোত nefocus.com ৰ ফালৰ পৰা আপোনাক  জনাইছো বহু শুভকামনা। প্ৰিয় পাঠক,সদায় জনোৱাৰ দৰে আজিও জনাব বিচাৰিছো গণতন্ত্ৰ দিৱসৰ কিছু ইতিবাচক  খবৰ আৰু অনুভৱ। প্ৰতিবছৰৰ দৰে এইবাৰো গণতন্ত্ৰ দিৱসত  বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা সকলক সন্মানীত কৰা হ’ব। এইবাৰ অৰ্থাৎ ২০১৭ বৰ্ষত সন্মানীয় পদ্মশ্ৰী সন্মান কঢ়িয়াই আনিলে দুগৰাকী অসমীয়াই। উল্লেখযোগ্য যে  লেখিকা, গীতিকাৰ এলি আহমেদ আৰু বৈজ্ঞানিক জীতেন্দ্ৰ নাথ গোস্বামীয়ে এই সন্মান লাভ কৰিবলৈ সক্ষম হয়। আনহাতে অসম আৰক্ষী বিভাগত ৭৭৭ গৰাকীলৈ আগবঢ়াব বিশেষ সন্মান। ইফালে ৰাজধানী দিল্লীত আজি প্ৰদৰ্শিত হ’ব কামাখ্যা মন্দিৰৰ আৰ্হি প্ৰতীকপদ। ইয়ে পৰ্যটন ক্ষেত্ৰখনলৈ আশাৰ ৰেঙনি কঢ়িয়াই আনিছে। এইখিনিতে জনাব বিচাৰিছো কিছু ভাল লগা অনুভৱৰ বিষয়ে। আজিকালি বিভিন্ন চহৰ অঞ্চলত অথবা মহানগৰীত এজাক তৰুণে স্বাধীনতা দিৱস আৰু গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে ওলায় অহা দৃশ্যই সচেতন নাগৰিকক আনন্দিত কৰি তুলিছে। তাতোতকৈ ডাঙৰ কথা একাংশ ন প্ৰজন্মৰ গায়কে স্বদেশ প্ৰেমমুলক গানেৰে শ্ৰোতাক মন জয় কৰা। ই অতিকে শুভলক্ষণ। নিসন্দেহে সকলো বস্তুৰে  ভাল আৰু বেয়া দুয়োটা দিশেই থাকে। আমি ভাল খিনিক আঁকোৱালি লৈ বেয়া সমূহক পৰিহাৰ কৰা উচিত। এইখিনিতে মনলৈ অহা আন এটা প্ৰসংগ হ’ল দেশপ্ৰেম আৰু জাতীয়তাবাদ। সাধাৰণ দৃষ্টিত দুয়োটা একে যেন লাগিলে দুয়োটাৰে মাজত বহু পাৰ্থক্য আছে। একাংশই দেশপ্ৰেমৰ গইনা লৈ জাতীয়তাবাদত লিপ্ত হয়। এই গণতন্ত্ৰ আমাৰ,আপোনাৰ অৰ্থাৎ সকলোৰে গণতন্ত্ৰ। আহকচোন আজিৰ পৰাই সংকল্প লও স্নেহ,একতা,ভাতৃত্ববোধৰ শিকলিৰে বান্ধ খাও, আৰু ৰচো জীৱনৰ জয়গান। পুনৰ বহু শুভকামনাৰে।জয় হিন্দ।

 

Comments (2)
Add Comment
  • Udit Phukan

    গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো

  • Rupjyoti Saikia Gogoi

    Definitely we must stay together,we must stand together for the Nation.Happy Republic day.