ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক হিচাপে এম সুৰেশৰ কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক হিচাপে এম সুৰেশক নিযুক্তিৰ দিয়া হৈছে। তেওঁ ৮ অক্টোবৰত বৰঝাৰত থকা প্ৰাধিকৰণৰ কাৰ্যালয়ত কাৰ্যভাৰ গ্ৰহণ কৰে। উল্লেখযোগ্য যে ১৯৯০ চনত তামিলনাডুৰ মাদুৰাই কেম্বিজ বিশ্ববিদ্যালয়ৰ পৰা ইলেকট্ৰনিক এণ্ড কমিনিউকেচনত অভিযান্ত্ৰিক স্নাতক আৰু এম বি এ ডিগ্ৰী লাভ কৰা এম সুৰেশ উত্তৰ পূব মণ্ডলত কাৰ্যভাৰ গ্ৰহণৰ পূৰ্বে প্ৰাধিকৰণৰ নতুন দিল্লীৰ উত্তৰ মণ্ডলৰ মহা প্ৰবন্ধক হিচাপে কৰ্মৰত আছিল।
 
 
ইয়াৰ আগতে গোৱা আন্তৰ্জাতিক বিমানবন্দৰ, জম্বু আৰু মাদুৰাই বিমানবন্দৰত বিমানবন্দৰ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেনেদৰে প্ৰায় ২৬ বছৰীয়া কৰ্মজীৱনত প্ৰাধিকৰণৰ নতুন দিল্লীৰ মুখ্য কাৰ্যালয়কে ধৰি দেশৰ বিভিন্ন বিমানবন্দৰত তেওঁ সুখ্যাতিৰে কাৰ্যনিৰ্বাহ কৰি প্ৰাধিকৰণৰ লগতে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ প্ৰশংসাও লাভ কৰিছিল এম সুৰেছে।
খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে

Comments (0)
Add Comment