ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত তিনি মহলীয়াকৈ নিৰ্মাণ হব গড়ল এম কে এম ই স্কুল-আধাৰশিলা স্থাপন পশ্চিম গুৱাহাটীৰ বিধায়কৰ

গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আৰু বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ গাতে লগা গড়ল এম কে এম ই স্কুলখন নতুনকৈ তিনি মহলীয়াকৈ নিৰ্মাণ কৰিব ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে (এ.এ. আই)। এ এ আয়ে তেওঁলোকৰ কৰ্পৰেট এনভাইৰোমেণ্টেল ৰেচপনচিবিলিটিৰ (চি.ই. আৰ) অধীনত ১.৩৯ কৌটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া বিদ্যালয়খনৰ আজি আধাৰশিলা স্থাপন কৰা হয়। মাংগলিক কাৰ্যৰ মাজেৰে আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই উপলক্ষে গড়ল তালুক ভৱনত তালুকৰ সভাপতি মণ্টু বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ভাষণ প্ৰসংগত নিৰ্ধাৰিত সময়ৰ ভিতৰতে বিদ্যালয় খনৰ নিৰ্মাণ কার্য সম্পন্ন হব বুলি আশা ব্যক্ত কৰি আগন্তক দিনত সমষ্টিটোত ৰাইজৰ মৌলিক সমস্যা সমূহ সমাধানৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত কি কি আঁচনি গ্ৰহণ কৰা হৈছে তাৰ এক চমু আভাস দাঙি ধৰে। অনুষ্ঠানত বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰ , মহা প্ৰবন্ধকদ্বয় বাপা ভট্টাচাৰ্য আৰু কে ৰামস্বামী, উপ মহা প্ৰবন্ধক জগদীশ বৈশ্য, এ এ ই ইউৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় সম্পাদক পবিত্ৰ দাস, বৰঝাৰ বিমান বন্দৰৰ মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱা, ৰাণী খণ্ড শিক্ষা বিষয়া লাচিত বসুমতাৰী, অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ পশ্চিম গুৱাহাটী-জালুকবাৰী গৃহ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰাজকুমাৰ কলিতা, অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, কামৰূপ জিলা কমিটিৰ সম্পাদক পৰেশ বৰুৱা, কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া, ৰাণী চাপৰি শ্ৰী শ্ৰীমনসা মন্দিৰ পৰিচালনা কমিটিৰ সভাপতি অখিল বৈশ্যকে ধৰি কেবাজনো বিশিষ্ট লোক উপস্থিত থাকে । শেষত শলাগৰ শৰাই আগবঢ়াই গড়ল তালুকৰ সভাপতি বিজয় কুমাৰ বৰুৱাই।

Comments (0)
Add Comment