মহানগৰীৰ বৰছলা বিলৰ সমীপত নৱনিৰ্মিত বৰছলা ক্ৰীড়া উদ্যানৰ শুভ উদ্বোধন মন্ত্ৰী অশোক সিংহলৰ

এখন মনোমোহা গুৱাহাটী গঢ়াৰ দিশত এক অন্যতম পদক্ষেপ হিচাপে ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি গুৱাহাটী মহানগৰীৰ পল্টনবজাৰৰ বৰছলা বিলৰ সমীপত নৱনিৰ্মিত বৰছলা ক্ৰীড়া উদ্যানখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে৷

উল্লেখযোগ্য যে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণ, চমুকৈ জি এম ডি এ-ৰ জৰিয়তে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা এই উদ্যানত ধ্যান, যোগাভ্যাস আৰু বিনোদনৰ বাবে আছুতীয়া স্থান থকাৰ লগতে মুকলি মঞ্চ আৰু মুকলি ব্যায়ামাগাৰৰ সুবিধাও উপলব্ধ কৰা হৈছে৷ উদ্যানখনত ‘চক্ৰ’ আৰু ‘যন্ত্ৰ’ৰ আৰ্হিত নিৰ্মিত নক্সাত হিন্দু ধৰ্মৰ শ্ৰী বিদ্যা দৰ্শনৰ প্ৰতিফলন ঘটোৱা হৈছে৷ ৰাজ্য চৰকাৰৰ ৫৫.৫৭ লাখ টকা পুঁজিৰে ৩৬৪.৫৫ বৰ্গমিটাৰ ভূমিত নিৰ্মিত এই উদ্যানখন স্থানীয় ৰাইজৰ প্ৰাতঃভ্ৰমণ, শৰীৰ-চৰ্চা আৰু অৱসৰ-বিনোদনৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ সংযোজন হিচাপে পৰিগণিত হোৱাৰ লগতে যুৱক-যুৱতীসকলৰ ক্ৰীড়াসুলভ মানসিকতাৰ বিকাশৰ ক্ষেত্ৰতো ই যথেষ্ট সহায়ক হ’ব বুলি নিজৰ উদ্বোধনী ভাষণত মন্ত্ৰী সিংহলে আশা প্ৰকাশ কৰে৷

আজিৰ এই উদ্বোধনী অনুষ্ঠানত গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া, উপ-মেয়ৰ স্মিতা ৰয়, গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষৰ উপাধ্যক্ষ মুকুতা ডেকা, সমাজকৰ্মী খগেন শইকীয়া আৰু ক্ৰীড়া ভাৰতীৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মনোজ মহান্তিৰ লগতে বিভাগৰ উচ্চপদস্থ বিষয়াসকল তথা বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

Comments (0)
Add Comment