মহানগৰীৰ ৰাজপথত জন সমাগম বৃদ্ধি পাইছে

ক’ভিড ১৯ ৰ ভয়াবহতা দিনে দিনে বৃদ্ধি পাইছে।ইয়াৰ সমান্তৰালকৈ মহানগৰীত বৃদ্ধি পাইছে ক’ৰণাত আক্ৰান্ত ৰোগীৰ সংখ্যা। কালি সংবাদ মেল যোগে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰৰ পৰা মহানগৰীত লকডাউনৰ ঘোষণা কৰাৰ পিছত মহানগৰীৰ ৰাজপথত অভাৱনীয়ভাৱে জন সমাগম বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।কিনকিনীয়া বৰষুণৰ মাজতো সকলোৱে বজাৰ কৰিবলৈ ওলাই আহিছে।অসাধু ব্যৱসায়ীয়ে অধিক দামত বিভিন্ন পাচলি বিক্ৰী কৰা পৰিলক্ষিত হৈছে।এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা চলোৱা এক সমীক্ষাত মহানগৰীৰ পাচলি বজাৰত আলু,নেমু,পটল,বিলাহী,পিয়াজ সৰ্বাধিক হাৰত বিক্ৰী হোৱাৰ কথা পোহৰলৈ আহিছে।আনহাতে নিত্য ব্যৱহাৰ্য সামগ্ৰীও গ্ৰাহকে ক্ৰয় কৰিছে বুলি জানিব পৰা গৈছে।ইফালে এ টি এম সমূহত লানি নিচিগা ভিৰ পৰিলক্ষিত হৈছে।

Comments (0)
Add Comment