মাজুলীৰ পৰা উমানন্দলৈ বাঁহৰ ভূঁৰে যাত্ৰা কৰিলে দুই যুৱকে

ব্ৰহ্মপুত্ৰৰ সম্ভাৱনীয়তা আৰু প্ৰকৃতি সংৰক্ষণ বার্তা বিলাই বিশ্ব বৃহৎ নদীদ্বীপৰ পৰা ক্ষুদ্ৰ নদীদ্বীপত উপস্থিত হ’ল দুই যুৱক।
 
 
যুৱক দুজনৰ নাম শেখৰ বৰদলৈ আৰু ৰিছান দলে।যুৱক দুজনে যোৱা ৩০ ছেপ্টেম্বৰ দিনা মাজুলীৰ কাৰ্তিক চাপৰি পৰা বাঁহৰ ভূঁৰে উমানন্দলৈ ৰাওনা হৈছিল।
 
কালি গুৱাহাটীত উপস্থিত হোৱা পিছত শেষৰ বৰদলৈয়ে তেওঁ মনৰ অনুভৱ এনেদৰে ব্যক্ত কৰে। তেওঁ কয় যে অসম খন নতুনকৈ আবিষ্কাৰ কৰিলো। উল্লেখযোগ্য যে নদীৰে এই যাত্ৰা আছিল অতি ৰোমাঞ্চকৰ।

Comments (0)
Add Comment