মুকাভিনয় প্ৰদৰ্শন

ইণ্ডিয়ান মাইম থিয়েটাৰ কলকাতাৰ উদ্যোগত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ সহযোগত যোৱা ২৪ পৰা ৩০ মাৰ্চলৈ ভাৰত চৰকাৰক পূৱ মাণ্ডলিক সাংস্কৃতিক কেন্দ্ৰৰ প্ৰেক্ষাগৃহত আৰু ইণ্ডিয়ান মাইম প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় আন্ত: ৰাষ্ট্ৰীয় মুকাভিনয় মহোৎসৱ। পদ্মশ্ৰী নিৰঞ্জন গোস্বামীৰ তত্বাৱধানত অনুষ্ঠিত কৰা এই মহোৎসৱত জাৰ্মানী, তুৰ্কী, জাপান, শ্ৰীলংকা, মেস্কিকো, বাংলাদেশকে ধৰি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ মুকাভিনেতাসকলে অংশ গ্ৰহণ কৰে। বিশ্বৰ আগশাৰীৰ মুকাভিনয়সকলে অংশ গ্ৰহণ কৰা এই মহোৎসৱত অসম মাইম এণ্ড স্কীট থিয়েটাৰ ভাৰত চৰকাৰৰ যুৱ প্ৰতিভা শিল্পী বঁটা প্ৰাপক মুকাভিনেতা কুলদীপ পাটগিৰিৰ পৰিচালনাত সীতা হৰণ, এন আৰ চি শীৰ্ষক মুকাভিনয় প্ৰদৰ্শন কৰা হয়। মুকাভিনেতা মইনুল হকৰ শিষ্য কুলদীপ পাটগিৰিৰ লগত অনন্য শিল্পীসকল ক্ৰমে কংকন তালুকদাৰ, বৰষা শৰ্মা, জিৎ কলিতা, ৰিংকু মালাকৰ, মনজিৎ কাকতি, চহিদুল ইছলাম আৰু জোনালী তালুকদাৰ।

Comments (0)
Add Comment