মুখ্যমন্ত্ৰী ক’ভিড-১৯ বিধবা সাহাৰ্য্য আঁচনিৰ লখিমপুৰ জিলাৰ ১৯ হিতাধিকাৰীক চেক প্ৰদান

অতিমাৰী ক`ভিড -১৯ ৰ কৰাল গ্ৰাসত পৰি আদ বয়সতে স্বামীহাৰা হৈ অকাল বৈধব্যক আঁকোৱালি লোৱা লখিমপুৰ জিলাৰ ১৯ গৰাকী দুৰ্ভগীয়া মহিলালৈ এককালীন  অৰ্থ সাহাৰ্য্য আগবঢ়াইছে ৰাজ্য চৰকাৰে।  মুখ্যমন্ত্ৰী কভিড -১৯  বিধবা সাহাৰ্য্য আঁচনিৰ অধীনত  জিলাখনৰ  বিহপুৰীয়া ,নাওবৈছা ,নাৰায়নপুৰ ,কদম ,লখিমপুৰ, আৰু ঢকুৱাখনা  ৰাজহ চক্ৰৰ অন্তৰ্গত স্বামীহাৰা ১৯  গৰাকী বিধবা মহিলাক প্ৰাথমিক পৰ্য্যায়ত হিতাধিকাৰী হিচাপে নিৰ্বাচিত কৰি উক্ত আঁচনিৰ অধীনত গাইপতি ২লাখ ৫০ হাজাৰকৈ অৰ্থ সাহাৰ্য্য আগবঢ়াইছে । সেই উদ্দেশ্যেৰে শনিবাৰে লখিমপুৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সভাগৃহত দুপৰীয়া ১১ বজাত অনুষ্ঠিত হয়  এই আঁচনিৰ হিতাধিকাৰী সকলক চেক প্ৰদান অনুষ্ঠান ।লখিমপুৰ  সমষ্টিত বিধায়ক মানৱ ডেকা , উপায়ুক্ত শোণিত সত্বাৱন ,জিলা উন্নয়ন আয়ুক্ত মনোজ কুমাৰ বৰুৱা , আৰক্ষী অধীক্ষক ড°বেদান্ত মাধৱ ৰাজখোৱা ,অতিৰিক্ত উপায়ুক্ত ,জিলা তথ্য আৰু জনসংযোগ বিষয়া মন্দিৰা চায়েঙিয়া আৰু ৰাজহ চক্ৰ বিষয়া সকলৰ উপস্থিতিত  ৰাজ্য চৰকাৰৰ শ্রম মন্ত্ৰী তথা লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কৃষান আজিৰ অনুষ্ঠানত উপস্থিত থাকি নিজহাতে হিতাধিকাৰী সকলক এই আঁচনিৰ চেক প্ৰদান কৰে । উল্লেখ্য যে ঢকুৱাখনা ৰাজহ চক্ৰৰ দুগৰাকী বিধবা মহিলা জ্যোৎষ্ণা বেগম ( মাণিকপুৰ) আৰু উত্তৰা বৰদলৈয়ে( নেমুটেঙানি) এই আঁচনিৰ চেক মন্ত্ৰী কৃষাণৰ পৰা গ্ৰহণ কৰে। 
বাতৰি যুগুতালে ঢকুৱাখনা পৰা অমৃত পৱন বৰাই

Comments (0)
Add Comment