ৰাজ্যত ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে মাৰাত্মক ক’ৰণা ভাইৰাছে।ক’ৰণাৰ সংক্ৰমণৰ সমান্তৰালকৈ বৃদ্ধি হৈছে ক’ৰণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা। চৰকাৰ তথা প্ৰশাসনে ক’ৰণা ৰোধৰ বাবে প্ৰচেষ্টা হাতত লোৱাৰ সমান্তৰালভাৱে মুখ্য মন্ত্ৰী সাহাৰ্য্য পুঁজিৰ পৰাও আৰ্থিক সাহাৰ্য্য বিচাৰি অসমবাসী ৰাইজক আহ্বান জনাইছে। এই সময়তে ক’ৰণাৰ বাবে আৰ্থিক অনুদান আগবঢ়াইছে লক্ষীমপুৰৰ বিধায়ক মানৱ ডেকাই। জানিব পৰা মতে মুখ্য মন্ত্ৰী সাহাৰ্য্য নিধিলৈ নিজৰ এমাহৰ দৰমহা আগবঢ়ালে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই।বিগতবৰ্ষটো মুখ্যমন্ত্ৰী সাহাৰ্য্য পুজিলৈ বহুজনে আৰ্থিক সাহাৰ্য্য আগবঢ়াইছিল ।
মুখ্যমন্ত্ৰী সাহাৰ্য্য নিধিলৈ এমাহৰ দৰমহা আগবঢ়ালে লখিমপুৰৰ বিধায়ক মানৱ ডেকাই…
