মুগা সূতাই শৰীৰৰ দুৰ্গন্ধ নাশ কৰে

অসম বিখ্যাত সোণালী সূতাৰ বস্ত্ৰত আছে ভয়াৱহ ৰোগ প্ৰতিৰোধৰ ক্ষমতা। মুগা সূতাই অতি বেঙুনীয়া ৰশ্মি প্ৰতিৰোধ কৰাত সহায় কৰে।এই কথা দাবী কৰিছে কেন্দ্ৰীয় মুগা এৰি গৱেষণা আৰু প্ৰশিক্ষণৰ বিজ্ঞানী ড০ কাৰ্তিক নেওগে। তেখেতে প্ৰকাশ কৰা মতে মুগা বস্ত্ৰৰ স্থায়ীত্বতা সৰ্বাধিক। সহজে জুঁই লাগিলেও পুৰি নাযায়। অথবা মুগা বস্ত্ৰত এচিড ঢালি দিলেও একো নহয়। এই কথা সদৰী কৰি কয় যে যোৱা বছৰ জাপানৰ টকিঅ’ চহৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে গৈছিলো। তাত কিছুদিন থাকিব লগা হোৱাত টকিঅ’ চহৰৰ এখন চিল্কৰ দোকানলৈ যাওতে জানিব পাৰিলো যে অসমৰ শুৱালকুছিৰ কিছু মুগা পাট সূতা টকিঅ’ৰ ব্যৱসায়ী জনে মাজে মাজে লৈ যায়।

তেখেতৰ মুখত অসমৰ মুগাৰ গুণাগুণ সম্পৰ্কে জানিব পাৰি আনন্দিত হও। অসমৰ পৰম্পৰাগত বস্ত্ৰ যিদৰে মুগাৰ পৰা তৈয়াৰ কৰা হয়, ঠিক সেইদৰে জাপানৰ পৰম্পৰাগত কিছুমান বস্ত্ৰ মুগাৰ পৰাই তৈয়াৰ হয়। সেইবাবে জাপানৰ পি এছ জি কলেজ অৱ টেকন’লজিৰ ৩ জন বিজ্ঞানীয়ে মুগাৰ ওপৰত গৱেষণা কৰিছিল। তেওঁলোকৰ গৱেষণা পত্রত প্ৰকাশ পাইছে যে মুগা সূতাৰ বস্ত্ৰ পৰিধান কৰিলে শৰীৰৰ দুৰ্গন্ধ নোলায়। স্মৰ্তব্য যে মুগা সূতাৰ জিনম চিকুৱেঞ্চিক লৈ গুৱাহাটী আই আই টিৰ বিজ্ঞানী উৎপল বৰাই গৱেষণা চলাই আছে। আশা কৰো মুগা সূতাৰ বস্ত্ৰই সমগ্ৰ বিশ্বতে এক নতুন আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হ’ব।

Comments (0)
Add Comment