মৰিয়নীৰ চেলেংহাটৰ বিশিষ্ট সমাজ সেৱক তুষাৰ পাললৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ মানৱতাৰ বঁটা                           

মৰিয়নীৰ চেলেংহাট নামচিচুৰ বিশিষ্ট সমাজকৰ্মী তুষাৰ পাললৈ ইণ্ডিয়া বুক অৱ ৰেকৰ্ডে ক’ভিড-১৯ৰ বিৰুদ্ধে সমাজত সজাগতা সৃষ্টিৰ বাবে লোৱা পদক্ষেপৰ স্বীকৃতি স্বৰূপে ইণ্ডিয়া হিউমেনিটেৰিয়ান এৱাৰ্ড অৰ্থাৎ মানৱতা বঁটা আগবঢ়াইছে। উল্লেখ্য যে, বিশিষ্ট সমাজকৰ্মী, শৰীৰ চৰ্চাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত তথা নিচা মুক্তি অভিযানৰ লগত জড়িত তুষাৰ পালে ক’ভিড-১৯ মহামাৰী কালত ৰাইজৰ মাজত সজাগতাৰ সৃষ্টিৰ বাবে প্ৰচাৰ পত্ৰ বিতৰণ কৰা লগতে বিভিন্ন স্তৰৰ লোকৰ মাজত বিনামুলীয়াকৈ মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিছিল।
 
ইয়াৰোপৰি তুষাৰ পালে ক’ভিড-১৯ৰ ভয়াবহতা আৰু চিকিৎসা কৰ্মী সকলে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি ক’ভিডৰ বিৰুদ্ধে দিয়া যুঁজৰ বিষয়ে উপস্থাপন কৰি মৃত্যু দূত আৰু যোদ্ধা নামৰ দুখন ছুটী ছবি নিৰ্মান কৰিছিল।এই ছুটী ছবি দুখনে চ’চিয়েল মিডিয়াত যথেষ্ঠ সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা লগতে তুষাৰ পালৰ প্ৰচেষ্টাক বহুতে শলাগ লৈছিল। ক’ভিড-১৯ ৰ বিৰুদ্ধে যুঁজ দিয়া ক্ষেত্ৰত তুষাৰ পালে আগবঢ়োৱা অনবদ্য সেৱাৰ স্বীকৃতি ৰূপে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ তৰফৰ পৰা INDIA হিউমেনিটেৰিয়ান AWARD প্ৰদান কৰে।
 
এই বঁটাৰ সৈতে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ প্ৰতিষ্ঠাপক সম্পাদক ড° বিবেকানন্দ বাবু কেৰ স্বাক্ষৰিত এখন সম্বৰ্ধনা পত্ৰ আৰু ইণ্ডিয়া বুক অৱ ৰেকৰ্ডৰ চিম্বল সম্বলিত এটা মেডেল প্ৰদান কৰে। সমাজৰ প্ৰতি নিস্বাৰ্থভাৱে আগবঢ়োৱা সেৱাৰ স্বীকৃতি হিচাপে সৰ্বভাৰতীয় পৰ্যায়ত প্ৰদান কৰা এই বঁটা লাভ কৰি তুষাৰ পালে আনন্দ প্ৰকাশ কৰা লগতে সমাজৰ হকে কাম কৰি যাবলৈ অধিক প্ৰতিশ্ৰুতি বদ্ধ আৰু উৎসাহ লাভ কৰা বুলি নিজৰ মনৰ ভাৱ প্ৰকাশ কৰে।

Comments (0)
Add Comment