যোৰহাটত ১২ ছেপ্তেম্বৰত ২৭ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ পৰীক্ষা

যোৰহাটত ১২ ছেপ্তেম্বৰত ২৭ টা কেন্দ্ৰত অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ পৰীক্ষা

অসম লোকসেৱা আয়োগৰ অধীনত যোৰহাটত ১২ ছেপ্তেম্বৰত ২৭ টা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক ( প্ৰাৰম্ভিক) পৰীক্ষা- ২০২০ ৰ সন্দৰ্ভত জৰুৰী তথ্য যোগান ধৰিবলৈ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত এটা অস্থায়ী নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে৷পৰীক্ষাৰ্থীসকলে পৰীক্ষা সমন্ধীয় যি কোনো তথ্যৰ বাবে নিয়ন্ত্ৰণ কক্ষৰ দূৰভাষ নং ০৩৭৬-২৩০০১২৪ ত অহা ১২ তাৰিখলৈকে যোগাযোগ কৰিব পাৰিব৷ইয়াৰোপৰি কোনো পৰীক্ষাৰ্থীৰ যাতায়তৰ অত্যন্ত অসুবিধা হ’লে জিলা পৰিবহন বিভাগে যোগান ধৰা বাহনৰ বাবে আগতীয়াকৈ ওপৰত উল্লেখিত নম্বৰটোত যোগাযোগ কৰিব পাৰিব৷ এইসমূহ বাহনৰ ভাড়া তেওঁলোকে নিজে ভৰিব লাগিব যদিও নূন্যতম ভাড়াহে লোৱা হ’ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে৷পৰীক্ষাৰ্থীসকলে লগত ক’ভিড পৰীক্ষাৰ প্ৰমান পত্ৰ অথবা ক’ভিড প্ৰতিষেধক( প্ৰথম বা দ্বিতীয়) পালি গ্ৰহণৰ প্ৰমান পত্ৰ লগত লৈ যোৱাটো বাধ্যতামূলক৷ পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, টেবলেট আদি বৈদ্যুতিন সামগ্ৰী লগত লৈ যাব নোৱাৰিব বুলিও জিলা প্ৰশাসনে জানিবলৈ দিছে৷

Comments (0)
Add Comment