অসম লোকসেৱা আয়োগৰ অধীনত যোৰহাটত ১২ ছেপ্তেম্বৰত ২৭ টা কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক ( প্ৰাৰম্ভিক) পৰীক্ষা- ২০২০ ৰ সন্দৰ্ভত জৰুৰী তথ্য যোগান ধৰিবলৈ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ত এটা অস্থায়ী নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে৷পৰীক্ষাৰ্থীসকলে পৰীক্ষা সমন্ধীয় যি কোনো তথ্যৰ বাবে নিয়ন্ত্ৰণ কক্ষৰ দূৰভাষ নং ০৩৭৬-২৩০০১২৪ ত অহা ১২ তাৰিখলৈকে যোগাযোগ কৰিব পাৰিব৷ইয়াৰোপৰি কোনো পৰীক্ষাৰ্থীৰ যাতায়তৰ অত্যন্ত অসুবিধা হ’লে জিলা পৰিবহন বিভাগে যোগান ধৰা বাহনৰ বাবে আগতীয়াকৈ ওপৰত উল্লেখিত নম্বৰটোত যোগাযোগ কৰিব পাৰিব৷ এইসমূহ বাহনৰ ভাড়া তেওঁলোকে নিজে ভৰিব লাগিব যদিও নূন্যতম ভাড়াহে লোৱা হ’ব বুলি জিলা প্ৰশাসনে জানিবলৈ দিছে৷পৰীক্ষাৰ্থীসকলে লগত ক’ভিড পৰীক্ষাৰ প্ৰমান পত্ৰ অথবা ক’ভিড প্ৰতিষেধক( প্ৰথম বা দ্বিতীয়) পালি গ্ৰহণৰ প্ৰমান পত্ৰ লগত লৈ যোৱাটো বাধ্যতামূলক৷ পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰলৈ মোবাইল ফোন, টেবলেট আদি বৈদ্যুতিন সামগ্ৰী লগত লৈ যাব নোৱাৰিব বুলিও জিলা প্ৰশাসনে জানিবলৈ দিছে৷
Trending
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ
- প্ৰাদেশীকৃত পৌৰ কৰ্মচাৰীসকলৰ বকেয়া দৰমহা শীঘ্ৰে মুকলি কৰাৰ আশ্বাস মন্ত্ৰী কৌশিক ৰায়ৰ
- উন্নত স্বাস্থ্যসেৱাৰ লক্ষ্যৰে GMCHৰ আধুনিকীকৰণৰ পৰিকল্পনা
- লেজিনেছ ছেভ-এইচ ডি এফ চিৰ নতুন সজাগতা অভিযান
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী