ঘিলামৰাত গ্ৰাম্য ক্ৰীড়া  ২০২১ সম্পন্ন

0 215

ঘিলামৰাৰ গ্ৰামাঞ্চলৰ প্ৰতিভাবান খেলুৱৈ সকলৰ সুপ্ত ক্ৰীড়া প্ৰতিভা উজ্জীৱিত কৰাৰ মানসেৰে দেওবাৰে ঢকুৱাখনা মহকুমাৰ ঘিলামৰাত অনুষ্ঠিত কৰা হয় প্ৰথম বাৰ্ষিক গ্ৰাম্য ক্ৰীড়া ২০২১।ঘিলামৰাৰ ঘাহি গাঁও  ফিটনেছ একাডেমীৰ উদ্যোগত দেওবাৰে ঘাহি গাঁও মজলীয়া বিদ্যালয়ৰ খেলপথাৰত পুৱাৰ পৰা অনুষ্ঠিত হয় এই গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতা।ঘিলামৰা অঞ্চলৰ প্ৰবীণ ক্ৰীড়া সংগঠক , জ্যেষ্ঠ খেলুৱৈ  পুণেশ্বৰ হাজৰিকাই ফ্লেগ অফ কৰি শুভ উদ্ধোধন কৰা  ক্ৰীড়া প্ৰতিযোগিতাৰ সামগ্ৰিকভাৱে পৰিচালনা কৰে ফিটনেছ ক্লাৱৰ সভাপতি কুশল দাস আৰু সম্পাদক দেৱাশীষ হাজৰিকাই।বিশিষ্ট ক্ৰীড়াবিদ আৰু শাৰীৰিক নিৰ্দেশক বিদ্যুৎ দত্তই শুভেচ্ছা মূলক ভাষণেৰে  আৰম্ভ হোৱা  ক্ৰীড়া প্ৰতিযোগিতাত ১৪ বছৰৰ অনুৰ্দ্ধ ল`ৰাৰ ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম  স্থান ভৈৰৱ হাজৰিকাই ,দ্বিতীয় স্থান জুমন হাজৰিকাই , তৃতীয় স্থান নবজিত দাসে , চতুৰ্থ স্থান দীক্ষু দাসে  , পঞ্চম স্থান চিন্মই ভঁৰালীয়ে , ষষ্ঠ স্থান মৃগাংক ৰঞ্জন ভঁৰালীয়ে দখল কৰিবলৈ সক্ষম হয়। তেনেদৰে মুকলি  মাৰাথান দৌৰ  প্ৰতিযোগিতাত প্ৰথম স্থান ইন্দিবৰ হাজৰিকাই , দ্বিতীয় স্থান নীলমণি হাজৰিকাই , তৃতীয় স্থান ফিৰোজ দলেয়ে চতুৰ্থ স্থান পংকজ হাজৰিকাই , পঞ্চম স্থান  প্ৰাঞ্জল ভঁৰালীয়ে , ষষ্ঠ স্থান ডেনি শইকীয়াই , সপ্তম স্থান মানস দাস , অষ্টম  স্থান জ্যোতিষ হাজৰিকাই , নৱম স্থান বিমান হাজৰিকাই , দশম স্থান  কেশৱ দাসে, একাদশ স্থান জ্ঞানদীপ হাজৰিকাই আৰু দ্বাদশ স্থান লাভ কৰে মানস চমুৱাই ।তেনেদৰে  শিশুৰ লং জাম্প শাখাত  মৃণ্ময় ভঁৰালীয়ে  প্ৰথম ,চিন্ময় ভঁৰালীয়ে  দ্বিতীয় আৰু মৃগাংক ৰঞ্জন বৰুৱাই তৃতীয় স্থান লাভ কৰে ।তেনেকৈ  ১৪ বছৰ ঊৰ্দ্ধৰ।শাখাত ইন্দিবৰ হাজৰিকাই প্ৰথম , হোমেন হাজৰিকাই দ্বিতীয় আৰু পৰাগ হাজৰিকাই তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হয়। খেলপথাৰ প্ৰাংগণত আয়োজিত বঁটা বিতৰনী সভাত  অংশ গ্ৰহণ কৰে  বিশিষ্ট  শিক্ষাবিদ ,গৱেষক ডঃ কেশৱ হাজৰিকা,সদৌ লখিমপুৰ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক টুল টুল ভঁৰালীয়ে।সভাত প্ৰতিযোগিতাৰ  সকলো শিতানত শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা  শ্ৰেষ্ঠ প্ৰতিযোগী সকলক পুৰস্কৃত কৰা হয়। 
বাতৰি যুগুতালে ঢকুৱাখনাৰ অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.