লাভলীনালৈ দেশবাসীৰ প্ৰাৰ্থনা

অলপ সময়ৰ পিছতে টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত নামিব লাভলীনা বৰগোহাঁই।তুৰস্কৰ চাৰমেলেনিৰ বিৰুদ্ধে যুঁজ দিব লাভলীনা।লাভলীনাৰ বাবে সমগ্ৰ দেশবাসীয়ে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে।লাভলীনাৰ বিজয় কামনা কালি মুখ্যমন্ত্ৰীয়ে বন্তি প্ৰজ্বলন কৰিছে।আনহাতে লাভলীনাৰ খেলৰ বাবে আজি দিনৰ ১১ বজাৰ পৰা আধা ঘণ্টাৰ বাবে সদনৰ কাৰ্যসূচী স্থগিত ৰাখিব ।জানিব পৰা মতে অসম বিধানসভা উপাধ্যক্ষ ড° নোমল মমিনে,বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক এই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে।
লাভলীনাক শুভেচ্ছা জনাই শিল্পী ৰঞ্জন শইকীয়াই বলুকাত লাভলীনাক অংকন কৰিছে।আনহাতে বস্ত্ৰনগৰী শুৱালকুছিত লুইতৰ পাৰত গামোচাৰে খোদিত কৰিছে লাভলীনাৰ নাম ।সকলোৰে প্ৰাৰ্থনা বিজয়ী হওক লাভলীনা।

Comments (0)
Add Comment