লোক নিৰ্মাণ বিভাগৰ দিছপুৰ সংমণ্ডলৰ উদ্যোগত পি এম জি এছ ৱাইৰ পথত মেৰামতি অভিযান

অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগৰ দিছপুৰ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ উদ্যোগত আজাদী কি অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি অলপতে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা চমুকৈ পি. এম.জি.এছ.ৱাই আঁচনিৰ অধীনত পূৰ্বতে নিৰ্মাণ কৰা চাৰিটা পথত চাফাই অভিযান চলোৱাৰ লগতে পথ মেৰামতি কৰা কার্য সম্পন্ন কৰা হয়। সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা বুলুৰঞ্জন ডেকাৰ নেতৃত্বত চাফাই অভিযান আৰু মেৰামতি কৰা কাৰ্য সম্পূৰ্ণ কৰা পথ চাৰিটা হল ক্ৰমে তেঁতেলিগুৰী এন. চি.পথ, গন্ধিনগৰ কলংপাৰ পথ, লুমসুম গাঁও পথ আৰু খাট তেঁতেলিযাৰ পৰা খাট তেঁতেলিয়া এন চি সংযোগী পথ। চাফাই অভিযান আৰু মেৰামতি কাৰ্যত সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা ৰূপজ্যোতি নাথ, কনিষ্ঠ অভিযন্তা প্ৰবীণ তালুকদাৰকে ধৰি বিভাগীয় কৰ্মচাৰী সকলে পথ চাৰিটাৰ গাঁত সমূহ পৰিপূৰ্ণ কৰা, দাঁতি পৰিস্কাৰ কৰা কার্য নিয়াৰিকৈ সম্পন্ন কৰে।

Comments (0)
Add Comment