শান্তিৰ দূত মাদাৰ টেৰেছাক স্মৰণ কৰি..

ঈশ্বৰে আমাৰ সফলতাৰ বাবে অপেক্ষা নকৰে। মাত্ৰ তেওঁ আমাৰ প্রয়াসক চাবলৈহে অপেক্ষা কৰে।
 
 
অতীত অতীত হৈয়ে গুচি গ’ল কিন্তু আহিব লগীয়া সময়খিনিত ভৱিষ্যত আছে সেয়েহে আমি বৰ্তমান সময়ৰ পৰাই ভৱিষ্যতৰ বাবে আৰম্ভ কৰা উচিত।
 
 
 
এনেধৰণৰ গুৰুত্বপূৰ্ণ বচনেৰে জনসমাজত প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছিল শান্তি আৰু মানৱতাৰ দূত মাডাৰ টেৰেছাই।
 
 
 
 
তেখেতে সম্পূৰ্ণ জীৱনটো মানুহৰ সেৱা অৰ্থে সমৰ্পিত কৰিছিল।১৯১০ চনৰ আজি দিনটোত তেখেতৰ জন্ম হৈছিল। বিশেষকৈ দুখীয়া, দৰিদ্ৰ আৰু ৰোগী সকলৰ তেখেতে সেৱা আগবঢাইছিল যাৰ বাবে  ১৯৭৯ চনৰ ১৭ অক্টোবৰত শান্তি নবেল বঁটা  লাভ কৰিবলৈ সক্ষম হৈছিল।
 
 
ইয়াৰ পাছতো তেখেতে সৰ্বোচ্চ নাগৰিকৰ সন্মান ভাৰত ৰত্ন লাভ কৰিছিল। মাডাৰ টেৰেচাৰ মানৱ দৰদী আছিল বাবে যেনেকৈ বিখ্যাত, তেনেকৈয়ে তেখেতে প্ৰচাৰ কৰা বাণীৰ বাবেও বিখ্যাত।
 
এইগৰাকী মহান মনিষীক এই বিশেষ দিনটোত এন ই ফ’কাচ ডট কমৰ পৰিয়ালে শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

Comments (0)
Add Comment