শিলসাঁকোত উচ্ছেদিতলৈ দ্বিতীয় পৰ্যায়ৰ ক্ষতিপূৰণ জিলা প্ৰশাসনৰ

শিলসাঁকো বিলত উচ্ছেদিতৰ বাবে আজি কামৰূপ মহানগৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ পুঁজিৰ পৰা দ্বিতীয় পৰ্যায়ত মুঠ দুই কোটি পঁচিশ লাখ টকাৰ এককালিন সাহাৰ্য্য আবন্টন দিছে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ তথা জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই৷ উচ্ছেদিত চৈধ্যটা আৰ চি চি ঘৰৰ প্ৰতিটোৰে বাবদ দহ লাখ টকাকৈ আৰু সোতৰটা অসম আৰ্হিৰ ঘৰৰ প্ৰতিটোৰে বাবদ পাঁচ লাখ টকাকৈ দ্বিতীয় পৰ্যায়ত দিয়া হ’ব৷ উচ্ছেদিত আনসকলকো পৰ্যায়ক্ৰমে এককালীন সাহাৰ্য্য দিয়াৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে৷

Comments (0)
Add Comment