শিল্পী মানস ৰবীনে সহায়ৰ হাত আগবঢ়াইছে তেলেংগনাৰ পৰা অহা এদল অসমীয়াক

সমগ্ৰ বিশ্বৰ লগতে সমগ্ৰ দেশতে মহামাৰী ক’ৰণাই এক বৃহৎ বিপৰ্যয়ৰ সৃষ্টি কৰাৰ লগতে এক সংহাৰী ৰূপ ধাৰণ কৰিছে। এই বৃহৎ সংকটৰ সময়ছোৱাত জীৱন জীৱিকাৰ প্ৰতি ভাবুকি মাজত সৃষ্টি হৈছে।
 
 
 
এই বিপৰ্যয়মূলক পৰিস্থিতিৰ সময়ছোৱাত বিভিন্নজনে বিভিন্নজনক বিভিন্নধৰণেৰে সহায়ৰ বাবে আগবঢ়াইছে। তেনে সময়তে সংগীত শিল্পী মানস ৰবীনে বৰ্হিৰাজ্যত বন্দী হৈ থকা প্ৰায় দুকুৰি অসমীয়া যুৱকক স্ব ভূমিলৈ ঘূৰাই অনাৰ সহায় কৰিছে।
 
 
 
 
উল্লেখ্যযোগ্য যে তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাতে শিল্পী মানস ৰবীনৰ ফেচবুকৰ ইনবক্সত সহায় বিচাৰিলে তেলেংগানাত আৱদ্ধ হৈ থকা ৪১গৰাকীকৈ অসমীয়া যুৱকে। মেচেজ লাভ কৰি সংগীত শিল্পী মানস ৰবীনে তেওঁলোকক ঘুৰাই অনাৰ সকলোধৰণৰ যাৱতীয় ব্যৱস্থা হাতত ল’লে। তেলেংগানাৰ পৰা অসমলৈকে অহা এই সমগ্ৰ সময়খিনিত শিল্পী মানস ৰবীনে খা খবৰ লৈ আছিল।অৱশেষত তেলেংগনাৰ পৰা অহা লোক সকল গুৱাহাটীত উপস্থিত হোৱাৰ পাছত শিল্পী গৰাকীৰ এই প্ৰচেষ্টাক শলাগ লয়।

Comments (0)
Add Comment