শিৱসাগৰৰ মুক্তি যুঁজাৰু ভবেন বৰাক জিলা প্ৰশাসনৰ দ্বাৰা বিশেষ সম্বৰ্ধনা

ভাৰত ত্যাগ আন্দোলনৰ ৭৮ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে শিৱসাগৰ জিলাৰ মেটেকাৰ নিবাসী ৯৯ বছৰীয়া মুক্তি যুঁজাৰু ভবেন বৰাক কালি শিৱসাগৰ জিলা প্ৰশাসনে তেওঁৰ  নিজা বাসভৱনত সম্বৰ্ধনা জনায়।
 
 
 
১৯২১ চনত জন্ম লাভ কৰি দেশৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰাৰ বাবেই ১৯৪২ চনত কাৰাবন্দী হোৱা ভবেন বৰাক আজি শিৱসাগৰৰ জিলা প্ৰশাসনে স্বাধীনতা সংগ্ৰামলৈ তেওঁ আগবঢ়োৱা বিশিষ্ট অৱদানৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে।
 
 
 
শিৱসাগৰৰ অতিৰিক্ত উপায়ুক্ত কবিতা কাকতি কোঁৱৰ আৰু সহকাৰী আয়ুক্ত মনিষা কলিতাই জিলা প্ৰশাসনৰ তৰফৰ পৰা এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি মুক্তি যুঁজাৰু বৰাক এখনি অংগবস্ত্ৰ,গামোচা আৰু শুভেচ্ছা পত্ৰ প্ৰদান কৰে।
 
 
সামাজিক দূৰত্ব ৰক্ষা কৰি অনুষ্ঠিত কৰা এই অনুষ্ঠানত অসম ৰাজ্যিক মুক্তি যুঁজাৰু সন্মিলনৰ ৰাজ্যিক সম্পাদক ধীৰেন চেতিয়া আৰু ভবেন বৰাৰ পৰিয়ালবৰ্গ আদি উপস্থিত থাকে।এই বিশেষ সম্বৰ্ধনাৰ বাবে বৰাৰ পৰিয়ালে অসম চৰকাৰ আৰু শিৱসাগৰ জিলা প্ৰশাসনক ধন্যবাদ জনায় আৰু সন্তোষ প্ৰকাশ কৰে।
খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিলিস্তান খানে..

Comments (0)
Add Comment