শ্বহীদ দিৱসৰ আয়োজন

প্ৰতিবছৰে পালন কৰি অহাৰ দৰে এইবাৰো অহা ১০ ডিচেম্বৰত গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ আৰু নিৰ্যাতিতৰ সাহাৰ্য ন্যাসৰ কাৰ্যালয় প্রাংগনত দিনজোৰা কাৰ্যসূচীৰে শ্বহীদ দিৱসৰ কাৰ্যসূচী পালনৰ আয়োজন কৰা হৈছে।
উল্লেখযোগ্য যে অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যুৰ দিনটো প্ৰতিবছৰে সমগ্ৰ ৰাজ্যজুৰি শ্বহীদ দিৱস হিচাপে পালন কৰি অহা হৈছে।উক্ত দিনাৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ১১ বজাত পতাকা উত্তোলনেৰে শ্বহীদ দিৱসৰ কাৰ্যসূচী মুকলি কৰিব শ্বহীদ আৰু নিৰ্যাতিতাৰ সাহাৰ্য ন্যাসৰ অধ্যক্ষ দেৱেশ্বৰ ভট্টাচাৰ্যই।১১.৩০ বজাৰত শ্বহীদ তৰ্পন কাৰ্যসূচী মুকলি কৰিব ন্যাসৰ উপদেষ্টা ড° গোবিন্দ দাসে।
দিনৰ ১২ বজাৰত অসমৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰামৰ শ্বহীদ আৰু নিৰ্যাতিতসকলৰ স্মৃতি ৰোমন্থনৰ কাৰ্যসূচী ৰখা হৈছে। সন্ধিয়া ৫:৩০ বজাত ন্যাসভৱনত চৌহদত বন্তি প্ৰজ্বলন কৰা হ’ব ।শ্বহীদ দিৱসৰ সকলো কাৰ্যসূচীতে অংশগ্ৰহণ কৰিবলৈ ন্যাসৰ সদস্যভূত সকলো সংগঠনকে ন্যাসৰ অধ্যক্ষই বিবৃতিটোৰ জৰিয়তে আহ্বান জনায়।

Comments (0)
Add Comment