শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ঢকুৱাখনা জিলা শাখাৰ  ৩১ সংখ্যক অধিবেশন অনুষ্ঠিত

সুশৃংখলাবব্ধ , হিংসাদ্বেষ বিহীন  পৰিবেশ আৰু সমাজ গঠনৰ বাবে  পৰিশীলিত জ্ঞানৰ অতীৱ প্ৰয়োজন। সেয়া আধ্যাত্মিক জ্ঞানেই হওক কিম্বা বিদ্যায়তনিক জ্ঞানেই হওক। আধ্যাত্মিক জ্ঞান অথবা ভক্তি ৰসৰ জ্ঞানে মানৱ জাতিক পুনৰ জীৱন প্ৰদান কৰে,  পৰিশীলিত ভাবে জীয়াই থকাৰ এক আমোঘ শক্তিৰে শক্তিমান কৰি তোলে । বিদ্যায়তনিক জ্ঞানে  জীৱন জীৱিকমুখী কৰি স্বচ্ছন্দতাৰে জীয়াই থকাৰ প্ৰেৰণা যোগায়। এই আধ্যাত্মিক জ্ঞান আৰু বিদ্যায়তনিক জ্ঞানৰ  শৃঙ্খলিত সংমিশ্ৰণৰ জৰিয়তেহে  মানৱ জীৱন সাৰ্থক আৰু পৰিপূৰ্ণ  হয়।জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ অমূল্য সৃষ্টি ৰাজিৰ আৰু ভক্তি ৰসৰ মাজত সেয়াই  বাঙ্ময় আৰু স্বকীয় ৰূপত প্রকাশ পাইছে।  গুৰুজনাৰ মাৰ্গ দৰ্শনত এয়াই পৰিস্ফুট হৈছে। এক কথাত জীয়াই থকাৰ মৌলিক প্ৰয়োজন  অন্ন বস্ত্ৰ বাসস্থানৰ সমান্তৰাল ভাৱে  জ্ঞান আৰু জ্ঞানৰ অন্বেষণ  সাম্প্ৰতিক সমাজ সভ্যতাৰ বাবে  অতি জৰুৰী কাৰক হিচাবে পৰিগণিত হৈছে। যিয়ে  জীৱন যাপনৰ এক অমূল্য সাৰ্থকতা প্ৰদান কৰে। উত্তৰ পূব ভাৰতৰ অন্যতম শক্তিশালী আধ্যাত্মিক সংগঠন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ  ঢকুৱাখনা জিলা শাখাৰ ৩১ সংখ্যক অধিবেশনৰ দেওবাৰৰ দ্বিতীয় দিনাৰ মূল কাৰ্যসূচী  আই মাতৃ সমাৰোহৰ শুভ উদ্ধোধন কৰি এই মন্তব্য কৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ কাৰ্যকৰী সভানেত্রী ধৰ্মপ্ৰাণ মহিলা পুষ্পা গগৈয়ে । ঢকুৱাখনাৰ সোৱণশিৰি  শংকৰ মাধৱ আঞ্চলিক শাখাৰ আতিথ্যত  নবীন চন্দ্ৰ ভৰালী সমন্বয় ক্ষেত্ৰত  তিনি দিনীয়া কাৰ্যসূচীৰে  অনুষ্ঠিত  জিলা শাখাৰ অধিবেশনৰ মূল মঞ্চত  দেওবাৰে দ্বিতীয় দিনা কেইবা শতাধিক আই মাতৃ , বাপ বৈষ্ণবৰ উপস্থিতিত সমাৰোহৰ  সঞ্চালনা কৰে ঢকুৱাখনা জিলা শিশু আই মাতৃ সমাৰোহৰ সভাপতি ৰেণু গগৈয়ে।  সমাৰোহত মুখ্য অতিথি হিচাপে জিলা সংঘৰ সভাপতি বলোৰাম দত্ত , সন্মানীয় অতিথি হিচাপে কেন্দ্ৰীয় সদস্য অঞ্জুবালা মজুমদাৰ , জিলা শাখাৰ সম্পাদক পুতুল শইকীয়া, বিশিষ্ট অতিথি হিচাপে ধৰ্মপ্ৰাণ মহিলা লাবন্য বৰুৱা, প্ৰতিভা গগৈ, ভাৰতী বেজবৰুৱা , হেম দত্ত, নীলিমা চাংমাই আদি বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।  অধিবেশনৰ দ্বিতীয় দিনৰ দেওবাৰৰ জনাকীৰ্ণ কাৰ্যসূচীত অধিবেশনৰ মুখপত্ৰ “নামাঞ্জলি” উন্মোচন কৰে ৰেঙাম সোৱণশিৰি কনিষ্ঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা ঢকুৱাখনা জিলা শাখাৰ প্ৰাক্তন সভাপতি ঘন কান্ত বৰাই।  ঢকুৱাখনা জিলা শাখাৰ শৰণ সদস্য থানেশ্বৰ বৰা, আদৰণি সমিতিৰ সভাপতি জীৱন চুতীয়া, আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি দিগেন চুতীয়া, আদৰণি সমিতিৰ সম্পাদক উৎপল চুতীয়া ,বিদ্যুৎ চমুৱাৰ লগতে আৰু বহুকেইজন বিশিষ্ট বৈষ্ণৱ ভক্ত উপস্থিত থকা  উন্মোচনী সভাৰ পাছতে  অধিবেশনৰ সাহিত্য প্ৰতিযোগিতা অনুষ্ঠিত হয় । জিলা শাখাৰ  অন্তৰ্গত বিভিন্ন প্ৰাথমিকৰ শতাধিক প্ৰতিযোগীয়ে সাহিত্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। সোমবাৰে   বৰ্ণিল কার্যক্রমণিকাৰে এই জিলা অধিবেশনৰ সামৰণি ঘটিব। জিলা শাখাৰ বিভিন্ন প্ৰাথমিকৰ  হাজাৰ বিজাৰ ভক্তৰ সমাগমেৰে জীপাল হৈ পৰা  সোৱণশিৰিৰ নবীন চন্দ্ৰ ভৰালী সমন্বয় ক্ষেত্ৰলৈ সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলা কান্ত গগৈকে ধৰি বহুকেইগৰাকী মূলৰ বিষয় ববীয়াই অংশগ্ৰহণ কৰিব।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment