শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত ভদিয়া নামৰ সামৰণি

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মাৰ্গ দৰ্শনেৰে পৰিপুষ্ট আৰু গুৰুজনাৰ  অমূল্য সৃষ্টিৰাজীৰ শ্ৰৱণ কীৰ্তনেৰে বিগত এটা মাহ বিধৌত হৈ থকা ঢকুৱাখনা মহকুমাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ  এমহীয়া নাম প্ৰসংগৰ শুক্ৰবাৰে বৰ্ণিল পৰিসমাপ্তি ঘটিল। পবিত্ৰ ভাদ মাহৰ পহিলা দিনটোৰ পৰাই  ভক্তপ্ৰাণ  বাপ আৰু আই সমস্তই  নিৰবিছিন্ন ভাবে সত্ৰৰ  পৰম্পৰা মানি বৰ নামঘৰত অনুষ্ঠিত কৰি আহিছিল ভদিয়া নামৰ । ৰাজ্যখনৰ  বিভিন্ন প্ৰান্তৰৰ ভক্ত বৈষ্ণবে অংশ গ্ৰহণ কৰি  প্ৰাণোচ্ছল কৰি তোলা এই বছেৰেকীয়া  ভদিয়া নামৰ শুক্ৰবাৰে সফল সামৰণি মৰা হয়।  পৰম্পৰাগত ভাবে সত্ৰ প্ৰাংগণত অনুষ্ঠিত হৈ অহা এই ভদিয়া নামৰ অন্তিম দিনা পুৱা ৪ বজাৰ পৰা পুৱা নাম ,  ৯ বজাৰ পৰা আই মাতৃ সকলৰ নাম , দুপৰীয়া ১১ বজাৰ পৰা ভকত বৈষ্ণৱৰ নামৰ পাছত বিয়লি ৪ বজাৰ পৰা  অনুষ্ঠিত হয়  সমূহীয়া নাম প্ৰসংগ । নিশা ১১-৩০ পৰ্যন্ত চলিব লগা এই নাম প্ৰসংগৰ  সামৰণিৰ লগে লগেই বিগত এমাহ জোৰা  পবিত্ৰ ভাদ মাহৰ নাম প্ৰসংগৰ বৰ্ণিল পৰিসমাপ্তি ঘটিব বুলি সত্ৰ পৰিয়ালে জানিবলৈ দিয়ে।  গুৰুবাদ্য শংখ ,ডবা , কাঁহ , খোল , ভোৰতাল আৰু ভকত বৈষ্ণবৰ মুখৰ হৰিনামৰ  অপূৰ্ব ধ্বনিয়ে  সমগ্ৰ সত্ৰ প্ৰাংগণ  বিগত এটা মাহ ধৰি বিধৌত কৰি অহাৰ পাছত শুক্ৰবাৰে  সত্ৰ পৰিয়ালৰ সকলো সদস্যৰ লগতে অন্তিম দিনা সমীপৱৰ্তী ভক্তপ্ৰাণ ৰাইজৰ অভূতপূৰ্ব উপস্থিতিয়ে  নতুন মাত্ৰা প্ৰদান কৰে ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ বৰ নামঘৰ প্ৰাঙ্গন।
বাতৰি যুগুতালে ঢকুৱাখনাৰ অমৃত পৱন বৰাই।

Comments (0)
Add Comment