ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ অৰিন্দমৰ অভিনৱ পদক্ষেপ-নিজে সম্পাদনা কৰা তথ্যচিত্ৰৰ মাজেৰে ক’ৰণা সজাগতাৰ অভিযান

মহানগৰীৰ গান্ধীবস্তি নিবাসী পিতৃ গোপাল মহন্ত আৰু মাতৃ ঝমু ৰানী দত্তৰ দ্বিতীয় সন্তান অৰিন্দম মহন্তই তথ্যচিত্ৰৰ জৰিয়তে ক’ৰণা সজাগতাৰ প্ৰয়াস কৰিছে ৷ তেজপুৰৰ ডন বস্ক হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ অৰিন্দম ৷ সেয়ে ১২ বছৰ বয়সীয়া ছাত্ৰ গৰাকীয়ে ক’ৰণা মহামাৰীৰ পৰা জনসাধাৰণ সজাগ আৰু সচেতন কৰাৰ লক্ষ্যৰে এখন নিজে তথ্যচিত্ৰ নিৰ্মান কৰি উলিয়াইছে ৷
তথ্যচিত্ৰখনত মাস্ক পৰিধান কৰা, ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ লগতে অন লাইন যোগে শিক্ষাৰ্থী সকলে কেনেদৰে শিক্ষা গ্ৰহন কৰিব সেই সম্পৰ্কে সজাগতা মূলক দৃশ্য প্ৰকাশ কৰা হয় ৷ সজাগতা মূলক তথ্যচিত্ৰ খনত অৰিন্দমৰ লগত সহযোগ কৰিছিল তেওঁৰ স্কুলীয়া সতীৰ্থ বন্ধু কল্লোল বৰুৱা, আশিদ হ’ক,শ্ৰতি কাশ্যপ,মুগ্ধ কাশ্যপে৷ ইতিমধ্যে ইউটিউবত তথ্যচিত্ৰখন সম্প্ৰচাৰ হৈছে ৷ যথেষ্ট লোকে তথ্যচিত্ৰ খন উপভোগ কৰি অৰিন্দম মহন্তক শুভেচ্ছা জ্ঞাপন কৰে ৷ এই ক্ষেত্ৰত পিতৃ গোপাল মহন্ত আৰু মাতৃ ঝমু ৰানী দত্তই কয় যে অৰিন্দমৰ সৰুৰে পৰা কিবা এটা কৰাৰ হেঁপাহ আছিল।উল্লেখ্য যে অৰিন্দম মহন্তই পঢ়াশুনা কৰাৰ লগতে অভিনয়, ছবি নিৰ্মাণৰ জৰিয়তে সমাজৰ দায়িত্ব বোধৰ পৰিচয় দিব বিচাৰে৷
খবৰ যুগুতালে জিতুমণি দাসে..

Comments (0)
Add Comment