সংবাদ মেলত স্বাস্থ্যমন্ত্ৰীয়ে কি ক’লে

ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত বহুখিনি কথা সদৰী কৰে মন্ত্ৰী গৰাকীয়ে। সম্প্ৰতি সমগ্ৰ ৰাজ্যতে ক’ভিড১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা সৰ্বমুঠ ১৫হাজাৰতকৈও অধিক হোৱা বুলি কয় মন্ত্ৰী গৰাকীয়ে। আক্ৰান্তৰ বিপৰীতে আৰোগ্যৰ সংখ্যা সৰ্বযুঠ ৯৮৪৮গৰাকী।
 
 
 
সমগ্ৰ দেশৰ ৰাজ্যসমূহৰ ভিতৰত অসমে ৬৩.৩৯শতাংশ আৰোগ্যৰ হাৰেৰে চতুৰ্থ স্থানত থকা বুলি সংবাদ মেল যোগে সদৰী কৰে মন্ত্ৰী গৰাকীয়ে। ইয়াৰ বিপৰীতে অসমত মৃত্যুৰ হাৰ .২৩শতাংশ বুলি কয় মন্ত্ৰী গৰাকীয়ে। ক’ভিড আক্ৰান্ত ৰোগীৰ বাবে দৈনিক ২৫০খন নতুন বিচনাৰ ব্যৱস্থা কৰা হৈছে বুলিও সদৰী কৰে মন্ত্ৰী গৰাকীয়ে। অহা ১৪জুলাইৰ পিছৰ পৰা ৰাজ্যৰ সকলো বয়োজ্যেষ্ঠ ৰোগীকে খানাপাৰাত ৰখা হ’ব। লকডাউন সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয় যে যিহেতু স্বাস্থ্য বিভাগে সাত দিনৰ লকডাউন বিচাৰিছে সেয়েহে এই সন্দৰ্ভত কাইলৈ মুখ্য সচিবে ঘোষণা কৰিব।

Comments (0)
Add Comment