সংযোজন ঘটিল নিভাজ বেণ্ডত

সোণালী জয়ন্তী বৰ্ষত খোজ পেলোৱা ইষ্টাৰ্ণ এগ্ৰো প্ৰচেছিং এণ্ড টি ওৱেৰহাউছিং কো- অপাৰেটিভ চোছাইটি লিমিটেডৰ দ্বাৰা উৎপাদিত নিভাজ মিঠাতেল, নিভাজ ৰিফাইণ্ড চয়াবিন তেল আৰু নিভাজ চাহপাত ইতিমধ্যে বজাৰত গ্ৰাহকে বিপুল ভাৱে আদৰি লৈছে।বজাৰত বৰ্তমান ৰিফাইণ্ড পামলিন তেলৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আৰু গ্ৰাহক সকলৰ দাবীত এইবেলি সমবায় খনে নিভাজ ৰিফাইণ্ড পামলিন তেল মুকলি কৰি দিয়াৰ বাবে সিদ্ধান্ত লৈছে।
সেই উদ্দেশ্যে আজি দিনৰ ১১ বজাত ইষ্টাৰ্ণ এগ্ৰো প্ৰচেছিং এণ্ড টি ওৱেৰহাউছিং কো- অপাৰেটিভ চোছাইটি লিমিটেড নৱনিৰ্মিত পামলিন পেকেজিং গোটত নিভাজ ৰিফাইণ্ড পামলিন তেল পেকেজিঙৰ শুভাৰম্ভ কৰে সমবায় খনৰ সভাপতি ড° বীৰেন্দ্ৰ কুমাৰ দাস দেৱে।সমিতি সম্পাদক শ্ৰী দীনেশ চন্দ্ৰ বৈশ্যই আঁত ধৰা অনুষ্ঠানটোত সমিতিৰ সঞ্চালক মণ্ডলী,কৰ্মচাৰী আৰু প্ৰকল্প চৌহদত থকা ব্যৱসায়ী সকলৰ উপস্থিতিত সভাপতি ড° দাসে আজিৰে পৰা তেলবিধ বজাৰত উপলব্ধ হ’ব বুলি ঘোষণা কৰে।

Comments (0)
Add Comment