সদৌ অসম জাতীয় সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্যোগ অনুষ্ঠিত হ`ব- গুৱাহাটীত তৃতীয় বাৰ্ষিক জাতীয় সাংস্কৃতিক সমাৰোহ

অসমৰ থলুৱা কৃষ্টিৰ বাৰেৰহণীয়া উপাদানসমূহৰ কলাত্মক উপস্থাপনেৰে সদৌ অসম জাতীয় সাংস্কৃতিক ঐক্য মঞ্চই তৃতীয় বৰ্ষৰ বাবে কাইলৈ ৯ ডিচেম্বৰত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত কৰিব জাতীয় সাংস্কৃতিক সমাৰোহ । অসমীয়া পৰম্পৰাগত গীত, নৃত্য আৰু থলুৱা বাদ্যবাদনৰ বৰ্ণময় অনুষ্ঠান পৰিবেশন হ’ব লগীয়া এই দিনজোৰা সমাৰোহৰ আয়োজক ঐক্য মঞ্চৰ সভাপতি ভাগ্যজ্যোতি শইকীয়াই এই কথা প্ৰকাশ কৰিছে । ৯ ডিচেম্বৰৰ পুৱা ১০ বজাত অসমীয়া লোকবাদ্য ধ্বনিৰ মাজেৰে বন্তি প্ৰজ্বলনেৰে সমাৰোহৰ উদ্বোধনী কাৰ্যসূচী আৰম্ভ হ’ব আৰু অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰাই মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব লগীয়া উদ্বোধনী অনুষ্ঠানত সাংস্কৃতিক বিভাগৰ সচিব মাধুৰীমা বৰুৱা সেন, সঞ্চালক কিশোৰ ঠাকুৰীয়া, অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱী , সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড৹ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিশিষ্ট অতিথি হিচাপে ভাগ ল’ব। দুপৰীয়া ১২ বজাৰ পৰা অনুষ্ঠিত হ’ব বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান । উল্লেখযোগ্য যে বৰগীত,জিকিৰ আৰু জাৰি, কামৰূপী আৰু গোৱালপৰীয়া লোকগীত, বিয়ানাম,ওজাপালি আৰু দেওধা, বিভিন্ন জনজাতীয় নৃত্য, দেওধনী নৃত্য, নাগাৰা নাম আৰু মহিলাৰ থিয়নাম, জ্যোতিপ্ৰসাদ-বিষ্ণু ৰাভাৰ গীত আৰু ভূপেন্দ্ৰ সঙ্গীত,শংকৰী সংস্কৃতিৰ পৰিবেশন, সৃজনীমূলক নৃত্য,বিহু নাচ ইত্যাদিৰ সমাহাৰ ঘটিব লগীয়া দিনজোৰা কাৰ্যসূচীসমূহ ৰাজ্যখনৰ বিভিন্ন ঠাইৰ পৰা অহা শিল্পীয়ে পৰিবেশন কৰিব। তদুপৰি সমাৰোহৰ অন্তত সন্ধিয়া ৭ বজাত অসম জাতীয় সাংস্কৃতিক ঐক্য মঞ্চৰ উদ্দেশ্য আৰু কৰ্মনীতিৰ আধাৰত ৰচিত কবিতাৰ এটি মনোগ্ৰাহী অনুষ্ঠান এটি জাতীয় শিশু পৰিবেশিত হ’ব। অসমীয়া থলুৱা বৈচিত্ৰ্যময় সংস্কৃতিৰ উপাদানবোৰক নতুন প্ৰজন্মৰ সন্মুখত উপস্থাপন কৰা আৰু ইয়াৰ প্ৰসাৰ- প্ৰচাৰৰ উদ্দেশ্যে আয়োজন কৰা এই সাংস্কৃতিক সমাৰোহত কৃষ্টিপ্ৰেমী ৰাইজৰ উপস্থিতি মঞ্চৰ সভাপতি তথা সাংস্কৃতিক গৱেষক ভাগ্যজ্যোতি শইকীয়াই কামনা কৰিছে।

Comments (0)
Add Comment