সদৌ গুৱাহাটী মুকলি টাইকোৱানডো চেম্পিয়নশ্বিপত ধাৰাপুৰ টাইকোৱানডো অকাডেমীয়ে আজুৰি আনিলে ৩ টা স্বৰ্ণ সহ ১৬ টাকৈ পদক 

গুৱাহাটী মহানগৰীৰ আজাৰা থানাৰ অন্তৰ্গত ধাৰাপুৰ টাইকোৱাডো একাডেমীয়ে পুনৰ আন এক সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । উল্লেখ্য যে গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ৰ যোৱা ২৪ আৰু ২৫ ছেপ্টেম্বৰত অনুষ্ঠিত “অল গুৱাহাটী অপেন টাইকোৱাডো চেম্পিয়নশ্বিপ” প্ৰতিযোগিতাত ধাৰাপুৰ  টাইকোৱাডো একাডেমীয়ে অংশগ্ৰহণ কৰি কেবাটাও পদক লাভ কৰি বৃহত্তৰ ধাৰাপুৰ অঞ্চললৈ সুনাম কঢ়িয়াই আনিছে । সদৌ গুৱাহাটী অপেন টাইকোৱাডো চেম্পিয়নশ্বিপত ধাৰাপুৰ টাইকোৱাডো একাডেমীৰ ৰিয়ান কাশ্যপ( টুকটুক) , তৃষ্ণা কলিতা আৰু দ্বীপ কলিতাই সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হোৱাৰ লগতে মধুস্মিতা কলিতা , কৌস্তুভপ্ৰতিম ঠাকুৰীয়া , গৌতম দাস , হিৰকজ্যোতি দাস আৰু পৰিস্মিতা দাসে ৰূপৰ পদক তথা যুবৰাজ কলিতা , বাৰ্বি কলিতা ,  ৰিম্পী দাস , বনশ্ৰী কলিতা , মনালিছা যখৰীয়া , মানৱ মণ্ডল , ৰিংকু কৰোৱা আৰু ভৃগুমণি দাসে ব্ৰঞ্জৰ পদক লাভ আজুৰি আনিবলৈ সক্ষম হয় ।  প্ৰতিযোগিতাখনত সমগ্ৰ ৰাজ্যখনৰ ২৭ টা দলৰ হৈ তিনি শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে । ধাৰাপুৰ টাইকোৱানডো অকাডেমীৰ প্ৰশিক্ষক সঞ্জয় দাস আৰু কাৰিকৰী প্ৰশিক্ষক মুকুট দাসৰ নেতৃত্বত যোৱা বিজয়ী প্ৰতিযোগী সকলোক ধাৰাপুৰবাসী ৰাইজ আৰু ধাৰাপুৰ টাইকোৱানডো অকাডেমীৰ কাৰ্যকৰ্তা সকলে সম্বৰ্ধনা জ্ঞাপন কৰে ।

Comments (0)
Add Comment