সর্বশ্রেষ্ঠ পশুপালকলৈ এক লাখ টকাৰ বঁটা ৰাইজৰ বিপুল সহাঁৰিৰে সামৰণি পৰিল পশুধন আৰু হাঁহ-কুকুৰা মেলা ২০২৩

মহানগৰীৰ খানাপাৰাস্থিত পশুচিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত ১৫ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা পশুধন আৰু হাঁহ-কুকুৰা মেলাৰ আজি সফল সামৰণি পৰে। বিভিন্ন প্ৰজাতিৰ গৰু, ম’হ, ছাগলী, গাহৰি, হাঁহ, কুকুৰা আলঙ্কৰিক চৰাইৰ প্ৰদৰ্শনৰে অনুষ্ঠিত হোৱা এই মেলাৰ আজি সামৰণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ কৃষি, পশুপালন আদিৰ মন্ত্ৰী অতুল বৰা। অসম পশুধন আৰু হাঁহকুকুৰা নিগমৰ অধ্যক্ষ মনোজ শইকীয়া, উপাধ্যক্ষ পৰেশ বৰকাকতি, অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক অতুল বৰগোহাঁই, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সচিব তথা সঞ্চালক ইন্দিৰা কলিতা, অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ পৰিচালন সঞ্চালক অনিল চন্দ্ৰ দেউৰী আৰু দুগ্ধ উন্নয়ণ বিভাগৰ সঞ্চালক কৰুণাকান্ত শৰ্মা। অনুষ্ঠানত ৰাজ্যৰ সৰ্বশ্রেষ্ঠ পশুপালক হিচাপে নির্বাচিত যোৰহাটৰ ৰাতুল চন্দ্ৰ বৰুৱাক এক লাখ টকাৰ বঁটা প্ৰদান কৰা হয়। তেনেদৰে চাৰিগৰাকী শ্রেষ্ঠ পশুপালক ক্রমে হোজাইৰ ৰামধান ভগতক শ্রেষ্ঠ গো-পালক, কমলপুৰৰ সুভাষ চন্দ্ৰ কলিতাক শ্রেষ্ঠ ছাগলী পালক, হোজাইৰ ৰাজকমল সিংহক শ্রেষ্ঠ গাহৰি পালক আৰু শিৱসাগৰৰ আমগুৰিৰ ৰাজেন গগৈক শ্ৰেষ্ঠ হাঁহ-কুকুৰা পালকৰ বঁটা প্ৰদান কৰা হয়। এই বঁটাত প্ৰতিগৰাকীলৈ পঁচিশ হাজাৰ টকাকৈ আগবঢ়োৱা হয়। আনহাতে পশুধন আৰু হাঁহকুকুৰা মেলা, ২০২৩ উপলক্ষে প্রকাশিত এখনি স্মৰণিকা উন্মোচন কৰা হয় আজিৰ সামৰণি অনুষ্ঠানত। পশুপালন মন্ত্ৰী বৰাই তিনিদিনীয়া এই মেলাখন সফলতাৰে সম্পন্ন হোৱাৰ ক্ষেত্ৰত ইয়াত ভাগ লোৱা কৃষক সকলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনায়। লগতে আন্তৰিকতাৰে সহাৰি জনাই মেলালৈ অহা দৰ্শক ৰাইজক ধন্যবাদ জ্ঞাপন কৰে।

মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ নতুন প্ৰজন্মৰ যুৱক-যুৱতীসকলক পশুপালনৰ যাৱতীয় প্রশিক্ষণ গ্ৰহণ কৰি বিজ্ঞানসন্মত ভাৱে পশুপালন কৰি স্বাৱলম্বিতাৰ পথ বাচি লোৱাৰ উপৰিও ৰাজ্যৰ কৃষি অর্থনীতিত অনবদ্য অৰিহণা যোগাবলৈ আহ্বান জনায়। পশুধন আৰু হাঁহ কুকুৰা নিগমৰ অধ্যক্ষ মনোজ শ‍ইকীয়াই কয় যে, পশুপালনৰ ক্ষেত্ৰত ৰাজ্যখনক আৰু অধিক আগবঢ়াই নিবলৈ হ’লে অসংগঠিত ভাৱে পশুপালন কৰি থকা ৰাজ্যৰ কৃষক সকলে সংগঠিত ৰূপত বিজ্ঞান সন্মত ভাৱে পশুপালন কৰিব লাগিব, জৈৱ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব। বছৰ অতিক্ৰম কৰা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এক সুকীয়া ঐতিহ্য আছে, বর্ণিল ইতিহাস আছে। এই কথা উপলব্ধি কৰি বিভাগ আৰু নিগমে অতি দায়বদ্ধতাৰে জনকল্যাণৰ হকে কাম কৰি আছে। যাতে পশুজাত সামগ্রী উৎপাদনৰ ক্ষেত্ৰত কম দিনৰ ভিতৰতে ৰাজ্যখন স্বনিৰ্ভৰশীল হোৱাৰ লগতে ৰপ্তানিৰ ক্ষেত্ৰতো উল্লেখনীয় ভূমিকা গ্ৰহণ কৰিব পৰা যায়। মন কৰিবলগীয়া যে, মেলাৰ তিনিওটা দিনতে যথেষ্ঠ জনসমাগম পৰিলক্ষিত হৈছে আৰু শিশুৰ পৰা বৃদ্ধলৈকে সকলো মানুহেই মেলালৈ আহিছে। আনহাতে মেলাত আজি স্থানীয় আৰু বিদেশী জাতৰ কুকুৰৰ এখনি ডগ শ্ব অনুষ্ঠিত কৰি বঁটা প্ৰদান কৰা হয়।

Comments (0)
Add Comment