সাহিত্যিক কমল কলিতালৈ “সাহিত্য কোঁৱৰ” সন্মান

অসমৰ এগৰাকী বিশিষ্ট গল্পকাৰ, প্ৰাবন্ধিক, সংগঠক, সাহিত্যিক পেঞ্চনাৰ, অখিল ভাৰতীয় সাহিত্য পৰিষদৰ অসম প্ৰদেশ কমিটিৰ সচিব প্ৰধান, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতাক ৰাজ্যৰ অন্যতম প্ৰকাশন অনুষ্ঠান “পৰাগজ্যোতি প্ৰকাশন” এ “সাহিত্য কোঁৱৰ” সন্মানৰ বাবে বিবেচিত কৰিছে বুলি প্ৰকাশন অনুষ্ঠানটিৰ সচিব দীপক শৰ্মাই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিছে। সাহিত্যিক কমল কবিতাই সাহিত্য আৰু জীৱন, মণি-মুকুতাৰ সন্ধানত, কলাকাৰ ১ম খণ্ড আৰু ২য় খণ্ড, দোভাগ ৰাতিৰ সপোন, জ্ঞান আৰু গৰিমা, এধানমান সাহিত্যৰ প্ৰসংগত আদি ভালেমান গ্ৰন্থ প্ৰকাশ পাইছে। প্ৰকাশনৰ সচিব শ্ৰীশৰ্মাই জনোৱা মতে – অহা ৭ জানুৱাৰী, ২০২২ তাৰিখ, শুক্রবাৰে দিনৰ ১১ বজাত সাহিত্যিক কলিতাৰ নিজ বাসভৱন গুৱাহাটীৰ নুনমাটিৰ সমীপৰ শালবাৰীত এই সন্মান প্ৰদান কৰা হ’ব। এই সন্মানত এখনি ফুলাম গামোছা, এখনি চেলেং চাদৰ, কিতাপৰ টোপোলা, প্ৰশস্তি পত্র, এটি স্মাৰক, নগদ ১০ হেজাৰ টকা আদি দিয়া হ’ব। এই অনুষ্ঠানত ৰাজ্যৰ কেইবাজনো বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, বুদ্ধিজীবী আদিয়ে অংশ ল’ব। উক্ত অনুষ্ঠানত সাহিত্য- সংস্কৃতিপ্ৰেমী ৰাইজৰ উপস্থিতি উদ্যোক্তা সকলে কামনা কৰিছে।
বাতৰি যুগুতালে জিতুমণি দাসে

Comments (0)
Add Comment