সেনাৰ এ ডি জি ভাস্কৰ কলিতাক অসম ছাত্ৰ পৰিষদৰ সম্বৰ্দ্ধনা

শ্বিলঙস্থিত এন চি চিৰ উত্তৰ-পূৱ মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান (এ ডি জি) তথা অসমৰ সুযোগ্য সন্তান, দক্ষিণ কামৰূপৰ ৰামপুৰৰ বাসিন্দা ভাস্কৰ কলিতাক কালি অসম ছাত্র পৰিষদৰ পলাশবাৰী বিধান পৰিষদৰ উদ্যোগত সম্বৰ্ধনা জনোৱা হয় ৷ সেনাৰ শীর্ষ বিষয়াগৰাকীৰ নিজ বাসভবন ৰামপুৰৰ সুজনপাৰাত পৰিষদৰ পলাশবাৰী বিধান পৰিষদৰ সভাপতি জোন গোস্বামী, উপ-সভাপতি কিশোৰ নাথ, সদস্য ৰিংকু নাথে গৈ সম্ভাষণ জ্ঞাপন কৰে। পৰিষদৰ পৰা ফুলাম গামোছা, এটি বৃক্ষ, মাক্স প্ৰদান কৰে। সম্বৰ্ধনা গ্রহণ কৰি সেনা বিষয়া ভাস্কৰ কলিতাই কয়- ছাত্র সংগঠনটিৰ সম্বৰ্ধনা লৈ অভিভূত। আগন্তুক দিনত অসম মাতৃৰ হকে, দেশমাতৃৰ হকে আমি কাম কৰি যাম। দেশসেৱাৰ বাবে আমি কাম কৰিব লাগে। দেশক আমি সকলোৱে হৃদয়ৰ পৰা ভাল পাব লাগে।
বাতৰি যুগুতালে জিতুমনি দাসে..

Comments (0)
Add Comment