হৰিনামৰ ধ্বনিৰে মুখৰিত বিধৌত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ

উত্তৰ অসমৰ অন্যতম প্ৰধান বৈষ্ণৱ পীঠ ঢকুৱাখনা মহকুমাৰ  মৰনৈ অঞ্চলৰ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰৰ বাৰ্ষিক মহা পালনাম দেওবাৰৰ  পৰা কোভিড নীতি নিৰ্দেশনা মানি দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে। ৰাজ্যখনৰ ভিন্ন প্ৰান্তৰৰ ভক্ত বৈষ্ণৱৰ উপস্থিতিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ প্ৰাংগণত বিগত  ৬৫ বছৰীয়া পৰম্পৰা অব্যাহত ৰাখি উদযাপন কৰি অহা  এই পালনাম , দেওবাৰে পুৱা শুভাৰম্ভনি অনুষ্ঠান আৰম্ভ হয়  বৈষ্ণৱ বীৰেন্দ্ৰ দেৱ গোস্বামী আৰু অতুল দেৱ গোস্বামীৰ প্ৰাতঃ প্ৰসংগৰে । সত্ৰ পৰিয়ালৰ উপস্থিতিত ইয়াৰ পাছতে  ধৰ্মপ্ৰাণ আই মাতৃ ৰেণু গোস্বামী আৰু মনোৰমা গোস্বামীৰ নেতৃত্বত আই মাতৃ সকলৰ আই নাম প্ৰসংগৰে সত্ৰৰ বৰ নামঘৰৰ মজিয়া বিধৌত হৈ পৰে। দুপৰীয়া সত্ৰাধিকাৰ ভূপেন্দ্ৰ দেৱ গোস্বামীয়ে শুভাৰম্ভ কৰা সমূহীয়া নাম প্ৰসংগ আৰু পালনামৰ নামাচাৰ্য হিচাবে নগাঁও বালি সত্ৰৰ সত্ৰীয়া ৰাজু দেৱ গোস্বামী , দোহাচাৰ্য হিচাবে কলিয়াবৰ চামগুৰি সত্ৰৰ  ডেকা সত্ৰীয়া কমল গোস্বামী  আৰু পাঠাচাৰ্য হিচাপে নগাঁও আইভেটিৰ বুবুল মহন্ত  , মাজুলীৰ প্ৰাচীন চামগুৰি সত্ৰৰ ভৰত মহন্তই অংশগ্ৰহণ কৰে।  ঐতিহাসিক সত্ৰখনৰ এই মহা পালনাম উপলক্ষে সমাগম হোৱা সমীপৱৰ্তী  গৰিষ্ঠ সংখ্যক ভক্ত বৈষ্ণৱৰ হৰি নামৰ ধ্বনিত মুখৰিত সত্ৰ প্ৰাঙ্গনত সন্ধিয়ালৈ বন্তি প্ৰজ্বলন কৰি অৱধাৰিত ভাবে অখণ্ড পালনাম অব্যাহত ৰখা হয়। সোমবাৰে বিয়লি এই মহা পালনামৰ পৰিসমাপ্তি ঘটিব।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Comments (0)
Add Comment