১৭ বছৰ অনুৰ্দ্ধ ফিফাৰ প্ৰথম খন খেল গুৱাহাটীত অনুষ্ঠিত হ’ব

আগন্তুক বৰ্ষৰ ১৭বছৰ অনুৰ্দ্ধৰ ফিফা বিশ্বকাপ মহিলা ফুটবলৰ তাৰিখ ঘোষণা কৰিছে। প্ৰথমখন খেল গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত ১৭জানুৱাৰীত অনুষ্ঠিত হ’ব বুলি ফিফাই সদৰী কৰে। আনহাতে ২০ আৰু ২৩ফেব্ৰুৱাৰীত আন দুখন খেল গুৱাহাটীত অনুষ্ঠিত হ’ব।
 
 
উল্লেখযোগ্য যে প্ৰতিযোগিতাৰ ছেমি ফাইনেল অনুষ্ঠিত হ’ব ৩মাৰ্চত ভুৱনেশ্বৰ আৰু নবী মুম্বাইত। আনহাতে ৭মাৰ্চৰ খন হ’ব নবী মুম্বাইত।স্মৰ্তব্য যে ক’ভিড১৯ ভাইৰাছৰ বাবে এই টুৰ্ণামেণ্টখন পিছুওৱা হয়। ফিফা মহিলা বিশ্বকাপৰ মেচ সমূহ গুৱাহাটীৰ লগতে আহমেদাবাদ, ভূৱনেশ্বৰ, কলকাতা আৰু নবী মুম্বাইত অনুষ্ঠিত হ’ব।

Comments (0)
Add Comment