২০সংখ্যাক জুনিয়ৰ ৰাষ্ট্ৰীয় উশ্বু প্ৰতিযোগিতালৈ বিশ্বনাথ জিলাৰ পৰা ৯গৰাকী খেলুৱৈ নিৰ্বাচিত

সমৰ কলাৰ এক অন্যতম ভাগ হৈছে উশ্বু । বিশ্বনাথ জিলাখনত চতিয়াৰ যুৱক পদ্ম জাইৰোয়ে উশ্বু একাডেমীৰ জৰিয়তে প্ৰশিক্ষণ প্ৰদান কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা সমূহত বহু কেইটা পদক বুটলিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ নেতৃত্বতে ২০অক্টোবৰৰ পৰা ২৫অক্টোবৰলৈ পঞ্জাৱত অনুষ্ঠিত হ`বগা 20th National Wushu championshipত অংশগ্ৰহণ কৰিবলৈ অসম ৰাজ্যিক উশ্বু সমিতিয়ে বিশ্বনাথ জিলাৰ ৯গৰাকী খেলুৱৈক নিৰ্বাচিত কৰিছে।খেলুৱৈ কেইগৰাকী ক্ৰমে হ`ল প্ৰতিক্ষা বৰা,স্নেহা বৰা,দিক্ষা তিৱাৰী,প্ৰতিভা টাই,ৰিকি খৰ্কা,নিহাৰ বৰুৱা, ৰাহুল ঘৰচানি,অনুভৱ বৰা,মনোজ বিশ্বকৰ্মা ।উল্লেখযোগ্য যে এই তালিকাত থকা বহু কেইগৰাকীয়ে ইতিমধ্যে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত পদক বুটলিবলৈ সক্ষম হৈছিল।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ সাজু হোৱা এই দলটোক বিশ্বনাথৰ ক্ৰীড়াপ্ৰেমী ৰাইজে অভিনন্দন জনাইছে।
বাতৰি যুগুতালে ৰাতুল হাজৰিকাই..

Comments (0)
Add Comment